ল'ৰাসকলে পত্নী আৰু মাক-দেউতাকৰ শুনিব লাগে, তেতিয়াহে সফল হ'বঃ মুখ্যমন্ত্ৰী

ল'ৰাসকলে পত্নী আৰু মাক-দেউতাকৰ শুনিব লাগে, তেতিয়াহে সফল হ'বঃ মুখ্যমন্ত্ৰী

ডিজিটেল সংবাদ,নগাঁও : নাৰী শিক্ষাৰ বাবে নতুন আঁচনি মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ৷ ছাত্ৰী সকলক পঢ়িবৰ বাবে চৰকাৰে আগবঢ়াব ধন ৷ প্ৰতিগৰাকী ছাত্ৰীৰ একাউন্টত আদায় দিব ধন- নগাঁৱত এই ঘোষণা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ৷

নগাঁৱৰ নেহৰুবালিৰ এক সভাত অংশ লৈ মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ কলেজত নাম লগালে এগৰাকী ছাত্ৰীক চৰকাৰে ১০ হাজাৰকৈ টকা আদায় দিব ৷ হায়াৰ চেকেণ্ডাৰীত উত্তীৰ্ণ হৈ ডিগ্ৰীত নাম লগালে চৰকাৰে আদায় দিব ১২ হাজাৰ ৫ শ টকা ৷ স্নাতকোত্তৰত নাম ভৰ্তি কৰিলে ১৫ হাজাৰ টকা দিব চৰকাৰে ৷

সভাত মুখ্যমন্ত্ৰী শৰ্মাই ছোৱালীৰ বাবে এই আচঁনি গ্ৰহণৰ সন্দৰ্ভত কয় যে আমি সকলো ছোৱালীৰ পেটৰ পৰা জন্ম হৈছো ৷ সেয়ে ছোৱালীক প্ৰথম দি লওঁ৷ ল'ৰাৰ পেটৰ পৰা আমি কোনো জন্ম হোৱা নাই ৷ সভাত ল'ৰাসকলক উপদেশ দি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে ল'ৰাসকলে পত্নী আৰু মাক-দেউতাকৰ কথা সমানে শুনিব লাগে ৷ তেতিয়া সফল হ'ব পৰা যাব ৷ সুন্দৰ ভাবে গাড়ী চলাই যাব পাৰিব ৷

ৰাজ্যৰ এক হাজাৰ বিদ্যালয়ৰ আন্তঃগাঁঠনি উন্নয়নৰ বাবে আচঁনি লোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড°শৰ্মা কয় যে বৰ্তমান ৫ শ চৰকাৰী বিদ্যালয়ক ৮ কোটি টকাকৈ আগবঢ়োৱা হ'ব ৷ পৰবৰ্তী ২০২৬ চনৰ ভিতৰত আৰু ৫শ খন বিদ্যালয়ক ৮ কোটি টকাকৈ দি বিদ্যালয়ৰ আন্তঃগাঁঠনিৰ কাম কৰা হ'ব ৷

বৰ্তমান ৰাজ্যখনত শিক্ষাৰ পৰিবেশ এটি গঢ়ি উঠিছে ৷ পঢ়িলে চৰকাৰী চাকৰি পোৱাৰ এক পৰিবেশ হৈছে ৷ মন্ত্ৰী বিধায়কৰ ওচৰলৈ গ’লে যে চাকৰি নাপায় সেই কথা জানিব পাৰিছে ৷ সেয়ে ছাত্ৰ-ছাত্ৰীসকলে পঢ়াত গুৰুত্ব দিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়।

ল'ৰাসকলে পত্নী আৰু মাক-দেউতাকৰ শুনিব লাগে, তেতিয়াহে সফল হ'বঃ মুখ্যমন্ত্ৰী
চিত্ৰ-কলা সংস্কৃতিক আকৌ সাৰুৱা কৰি তুলিব প্ৰণৱ বৰুৱা কলাক্ষেত্ৰই : মুখ্যমন্ত্ৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in