গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত মুখ্যমন্ত্ৰী: ঘোষণা কৰিলে কেইবাটাও প্ৰকল্প...

গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। বটদ্ৰৱা প্ৰকল্প ২০২৩ চনৰ ভিতৰতে প্ৰখম আৰু দ্বিতীয় খণ্ড আৰম্ভ হ'ব।বটদ্ৰৱা থানৰ সমীপতে সদ্য বেদখল উচ্ছেদিত ভূমিত সৌৰ শক্তি প্ৰকল্প আৰু এখন ক্ৰীড়া প্ৰকল্প হ'ব। বটদ্ৰৱাৰ পুৰণি বাছ আস্থানৰ সমীপত ভাৰতীয় ষ্টেট বেংকৰ শাখা মুকলি।

author-image
Asomiya Pratidin
New Update
গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত মুখ্যমন্ত্ৰী: ঘোষণা কৰিলে কেইবাটাও প্ৰকল্প...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মঙ্গলবাৰে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত উপস্থিত হয়। মুখ্যমন্ত্ৰী গৰাকীয়ে ২০১১ চনৰ ২৫ ফেব্ৰুৱাৰীত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ হাতেৰে আৰম্ভ কৰা বটদ্ৰৱা প্ৰকল্পৰ কামকাজৰ বুজ লয়। বটদ্ৰৱা থানৰ আকাশী গংগাৰ তীৰৰ ১৬০ বিঘা ভূমিত নিৰ্মাণ হৈ আছে এই প্ৰকল্প।

Advertisment

ইয়াৰ পাছত মুখ্যমন্ত্ৰী ড° শৰ্মাৰ বিশেষ উদ্যোগ আৰু তৎপৰতাত অসম চৰকাৰৰ পুঁজিৰে বটদ্ৰৱা থানৰ কাৰ্যালয় গৃহ, সভাগৃহ, সত্ৰাধিকাৰৰ বহা, অতিথিশালা নতুন ৰূপত নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰে। বটদ্ৰৱা থানত সেৱা কৰি মুখ্যমন্ত্ৰীয়ে থান চৌহদত ৰূপায়ন হৈ থকা উন্নয়ন মূলক আঁচনিৰ কামকাজৰ বুজ লয়। ইতিমধ্যে এই নিৰ্মাণ কাৰ্যৰ ৮০ শতাংশ কামকাজ সম্পূৰ্ণ হৈ উঠিছে। মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত "বৈষ্ণৱ সংস্কৃতিৰ আধাৰত চাৰিটাকৈ ডাঙৰ গৃহ বনাই থকা হৈছে, ভকত সকল থকা গৃহ, প্ৰশাসনীয় ভৱনকে আদি কৰি এই সমগ্ৰ কাম খিনি দ্ৰুত গতিত চলিছে আৰু এই কামত প্ৰায় ২০ কোটিৰ অধিক ধন খৰছ কৰা হ'ব" বুলি মত প্ৰকাশ কৰে।

লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে অনুৰোধ কৰাত, হাটী পুখুৰী, টেম্বুৱনী জানৰ সৌন্দৰ্যবৰ্ধন আৰু আকাশী গংগা জলধাৰা সংৰক্ষণৰ বাবে বান নিয়ন্ত্ৰণ বিভাগক নতুন অন্য এটা প্ৰকল্পৰ নিৰ্দেশ দিয়ে। লগতে আকাশী গংগাৰ পাৰত দূৰদূৰণিৰ ভকত বৈষ্ণৱে ভোজনৰ বাবে পাকঘৰ নিৰ্মাণ কৰা হ'ব বুলিও ঘোষণা কৰে। তদুপৰি বিগত বছৰৰ ১৬ এপ্ৰিলত বটদ্ৰৱা থানৰ কাৰ্যালয় নিৰ্মাণ, সত্ৰাধিকাৰ সকলৰ বহা, আবৰ্জনা নিস্কাষন ব্যৱস্থা, দামোদৰ আতা ভৱনৰ নিৰ্মাণ, সভাগৃহ, ভকত বৈষ্ণৱৰ বহা, জাপি বাটচৰাৰ উন্নীতকৰণ, পদপথ নিৰ্মাণৰ আদি কৰি কেইবাটাও আঁচনিৰ এই কাম খিনি ছেপ্টেম্বৰ মাহত অৰ্থাৎ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মজয়ন্তীৰ পূৰ্বে গৃহ সমূহ উদ্বোধন কৰা হ'ব আশ্বাস প্ৰদান কৰে।

তেওঁ অতিৰিক্ত কাম খিনিৰ বাবে লোকনিৰ্মাণ বিভাগক নিৰ্দেশ দি আকাশী গংগাৰ সংৰক্ষণৰ বাবে জল সম্পদ বিভাগক অহা ৬-৭ দিনৰ ভিতৰত কাম হাতত লবলৈ নিৰ্দেশ দিয়ে। তাৰোপৰি বটদ্ৰৱা থান চৌহদৰ দেৱাল সমূহো নতুনকৈ নিৰ্মাণ কৰা হ'ব বুলি ঘোষণা কৰে। বটদ্ৰৱা প্ৰকল্প ২০২৩ চনৰ ভিতৰত প্ৰখম আৰু দ্বিতীয় খণ্ড আৰম্ভ হ'ব। বটদ্ৰৱা প্ৰকল্প পৰিচালনা ক্ষেত্ৰত দুই এদিনতে গুৱাহাটীত বৈঠক হ'ব বুলি মত প্ৰকাশ কৰে। শংকৰদেৱ কলাক্ষেত্ৰৰ দৰে সুন্দৰকৈ পৰিচালনা হৈ থাকে তাৰ ওপৰতো নতুন দৃষ্টিভংগীৰ কথা আলোচ্য হোৱাৰ কথাও জনায়।

ইফালে বটদ্ৰৱা থানৰ সমীপতে সদ্য বেদখল উচ্ছেদিত ভূমিত সৌৰ শক্তি প্ৰকল্প আৰু এখন ক্ৰীড়া প্ৰকল্প হোৱাৰ কথাও মুখ্যমন্ত্ৰীয়ে অৱগত কৰে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ড° শৰ্মা উপস্থিত হয় বটদ্ৰৱাৰ পুৰণি বাছ আস্থানৰ সমীপত প্ৰতিষ্ঠা হোৱা ভাৰতীয় ষ্টেট বেংকৰ শাখাত। ভাৰতীয় ষ্টেট বেংকৰ বটদ্ৰৱা শাখাটোৰ শুভ উদ্বোধন কৰি ৰাইজৰ বাবে মুকলি কৰে মুখ্যমন্ত্ৰীয়ে।

Also Read: কামপুৰৰ তেঁতেলীসৰা কেন্দ্ৰীয় ৰঙালী বিহুত কণ্ঠশিল্পী তৰালী শৰ্মালৈ "নিশাৰী" বঁটা...

cm himanta biswa sarma