কামপুৰৰ তেঁতেলীসৰা কেন্দ্ৰীয় ৰঙালী বিহুত কণ্ঠশিল্পী তৰালী শৰ্মালৈ "নিশাৰী" বঁটা...

ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত কণ্ঠশিল্পী তথা সংগীত পৰিচালিকা তৰালী শৰ্মালৈ আগবঢ়োৱা হৈছে "নিশাৰী" বঁটা।

author-image
Asomiya Pratidin
New Update
কামপুৰৰ তেঁতেলীসৰা কেন্দ্ৰীয় ৰঙালী বিহুত কণ্ঠশিল্পী তৰালী শৰ্মালৈ "নিশাৰী" বঁটা...

ডিজিটেল সংবাদ, কামপুৰ : ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত কণ্ঠশিল্পী তথা সংগীত পৰিচালিকা তৰালী শৰ্মালৈ আগবঢ়োৱা হৈছে "নিশাৰী" বঁটা। কামপুৰৰ তেঁতেলীসৰা কেন্দ্ৰীয় ৰঙালী বিহুত তৰালী শৰ্মালৈ এই বঁটা আগবঢ়াই বিহু সমিতিয়ে। সোমবাৰে বিহুৰ মঞ্চত কণ্ঠশিল্পী গৰাকীক এই সন্মানেৰে সন্মানিত কৰা হয়।

Advertisment

উল্লেখ্য যে, কামপুৰৰ নীশাৰী পৰীয়া ৰাইজে বিগত দুটা বছৰে অনুষ্ঠিত কৰি অহা ৰঙালী বিহু সন্মিলনত অসমৰ এগৰাকী শিল্পীক এই বঁটা প্ৰদান কৰি আহিছে। এইবেলিও সোমবাৰে দিনযোৰা বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা বিহু অনুষ্ঠানত সংগীত শিল্পী তৰালী শৰ্মাক এই বঁটা প্ৰদান কৰা হয়।

একেটা অনুষ্ঠানতেই নিশালৈ গীত পৰিৱেশন কৰে শিল্পী গৰাকীয়ে। তৰালী শৰ্মাৰ লগতে অনুষ্ঠানটোত উপস্থিত থাকে কৌতুক অভিনেতা বিপুল ৰাভাৰ কৌতুক গোষ্ঠী, মাধুৰ্য্য মৌচম, চয়নিকা ৰজক। অনুষ্ঠানত শিল্পীসকলে গীত পৰিৱেশন কৰাৰ লগতে বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান আৰু স্থানীয় শিল্পী সকলে মুকলি বিহু প্ৰদৰ্শন কৰে।

Also Read: অসমীয়া যুৱকৰ সাফল্য: ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ 'দ্য মিউজ'...

Tarali Sarma