/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/c83065ee-400d-4234-a8b9-5e566355b893/kampur 20.jpg)
উচ্চ পৰ্যায়ৰ আন্তঃমন্ত্ৰণালয় কেন্দ্ৰীয় দলে পৰিদৰ্শন কৰিলে নগাঁও জিলাৰ বান ক্ষতিগ্ৰস্ত অঞ্চল...
ডিজিটেল সংবাদ নগাঁও: এটি উচ্চ পৰ্যায়ৰ আন্তঃমন্ত্ৰণালয় কেন্দ্ৰীয় দলে শনিবাৰে এদিনীয়া কার্যসূচীৰে নগাঁও জিলাৰ কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বানত ক্ষতিগ্ৰস্ত কেইবাটাও অঞ্চল পৰিদৰ্শন কৰে। জিলাখনত উপস্থিত হৈ দলটোৰ সদস্যসকলে সৰ্বপ্ৰথমে জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলাৰ মূৰব্বী বিষয়াসকলৰ সৈতে বানপানীৰ ক্ষয়ক্ষতিৰ সন্দৰ্ভত এখন সভাত অংশগ্ৰহণ কৰে।
উক্ত সভাত নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে জিলাখনৰ বানপানীয়ে কৰা ক্ষয় ক্ষতিৰ এক বিতং তথ্য দৃশ্য শ্ৰৱ্য মাধ্যমেৰে অৱগত কৰে। উক্ত সভাত জিলা উন্নয়ন আয়ুক্ত গুনজিৎ কাশ্যপ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনন্ত কুমাৰ গগৈ, অতিৰিক্ত আয়ুক্ত তথা কলিয়াবৰৰ মহকুমাধিপতি লিজা তালুকদাৰ ,সহকাৰী আয়ুক্ত শিল্পীৰেখা পণ্ডিতকে প্ৰমুখ্য কৰি জিলাৰ মুৰব্বী বিষয়া সকল উপস্থিত থাকে।
ইয়াৰ পিছতে কেন্দ্রীয় দলটোৱে নগাঁও সদৰ ৰাজহ চক্ৰৰ অন্তৰ্গত নগাঁও পলিটেকনিকত বানাক্ৰান্ত ৰাইজৰ বাবে স্থাপন কৰা বান সাহাৰ্য শিবিৰটি পৰিদৰ্শন কৰি কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত তেতেলীসৰা কেকুৰিবাৰীত নিশাৰী নদীয়ে সৃষ্টি কৰা গড়াখহনীয়া অঞ্চল পৰিদৰ্শন কৰে আৰু পৰিস্থিতিৰ বুজ লয়। ইয়াৰ পৰৱৰ্তী সময়চোৱাত দলটোৱে কলাইখোৱাৰ পলশাত বানপানীয়ে লোকনিৰ্মাণ বিভাগৰ এটি পথৰ একাংশ খহাই নিয়া অংশ পৰিদৰ্শন কৰে।
উক্ত উচ্চ পৰ্যায়ৰ আন্তঃমন্ত্ৰণালয় কেন্দ্ৰীয় দলটোৰ নেতৃত্ব প্ৰদান কৰে গৃহ মন্ত্ৰণালয়ৰ যুটীয়া সচিব(বি এম-১) মিহিৰ কুমাৰে। দলটোৰ অন্য চাৰিগৰাকী সদস্য হ'ল ক্ৰমে- কেন্দ্ৰীয় জলশক্তি মন্ত্ৰণালয়ৰ অধীক্ষক অভিযন্তা সঞ্জীৱ কুমাৰ সুমন, মৰাপাট উন্নয়ন সঞ্চালকালয় কৃষি আৰু কৃষক কল্যাণ বিভাগৰ সঞ্চালক জিণ্টু দাস, ব্যয় বিভাগ, বিত্ত মন্ত্ৰণালয়, নতুন দিল্লীৰ সচিব (পিএফচি-১) পাৰ্থ প'ল। দলটোৰ প্ৰট'কল বিষয়া হিচাপে কার্য ৰূপায়ণ কৰে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অভিযান্ত্ৰিক পৰামৰ্শদাতা ৰাজেশ দত্ত আৰু প্ৰকল্প বিষয়া নিতুমণি বৰায়ে।
বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন সময়চোৱাত দলটোৱে স্থানীয় ৰাইজৰ সৈতেও মত বিনিময় কৰে। ভ্ৰমণৰ সময়চোৱাত কেন্দ্ৰীয় দলটোক জিলা অতিৰিক্ত আয়ুক্ত তথা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মূখ্য কাৰ্যবাহী বিষয়া ফিলিছ ভি.এল.এইছ. হ্ৰংচাল, দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা আঁচনি প্ৰবন্ধক বিজয়ান্ত গোস্বামী, জিলা তথ্য আৰু জনসংযোগ বিষয়া মন্দিৰা চায়েঙীয়া, কামপুৰৰ চক্ৰ বিষয়া অনন্যা লহকৰ, দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ বিভাগ, জলসম্পদ বিভাগ, লোকনিৰ্মাণ(পথ), জনস্বাস্থ্য কাৰিকৰী বিভাগ, স্বাস্থ্য বিভাগ, বিদ্যুৎ বিভাগ আৰু কৃষি বিভাগৰ বিষয়াসকলে সংগ প্ৰদান কৰে। দলটোৱে নগাঁও জিলাত বানপানীয়ে ক্ষতিসাধন কৰা ক্ষয় ক্ষতিৰ পৰিমাণ সম্পৰ্কে কেন্দ্ৰীয় চৰকাৰক এক বিস্তৃত প্ৰতিবেদন দাখিল কৰিব বুলি মত প্ৰকাশ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us