/asomiyapratidin/media/media_files/2025/03/15/RqEPGlrksVqtJ10Jrnfs.jpg)
ডিজিটেল সংবাদ নগাওঁঃ নগাঁৱৰ অনসূয়া স্বপ্না বৰা (মৌ)ই নিউয়ৰ্ক বিশ্ববিদ্যালয়ত পাঁচ বছৰীয়া গবেষণাৰ বাবে হেনৰী এম মেকক্ৰেকেন ফেলোশ্বিপ লাভ কৰিবলৈ সক্ষম হৈছে। পৰিৱেশ বিজ্ঞান বিভাগত গবেষণাৰ বাবে তেওঁ অহা ছেপ্টেম্বৰ মাহত নিউয়ৰ্ক বিশ্ববিদ্যালয়ত যোগদান কৰিব।
অনসূয়া স্বপ্না বৰ্তমান ইনলেকছ ফাউণ্ডেছনৰ জলপানিৰে কেনপি কালেক্টিভৰ লগত আৰম্ভ কৰা 'বান্দৰ বিষয়ক' প্ৰকল্পৰ সৈতে কাম কৰি আছে। মুগ্ধা শইকীয়া, গৌৰৱ তালুকদাৰ, আশীষ গোখলে, ড০ নন্দিনী ভেলৌৰ আৰু ড০ পাৰ্থ সাৰথি মিশ্ৰৰ সহযোগত তেওঁ এই প্ৰকল্পত কাম কৰিছে।
ইয়াৰ পূৰ্বে অনসূয়াই মধ্য প্ৰদেশৰ "সমাজ প্ৰগতি সহযোগ" আৰু কুম্বায়াত মুুখ্য কাৰ্য্যবাহী বিষয়া হিচাপে কাম কৰিছিল। তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ হংসৰাজ কলেজৰ পৰা স্নাতক ডিগ্ৰী আৰু দিল্লীৰ ড০ বি আৰ আম্বেদকাৰ বিশ্ববিদ্যালয়ৰ পৰা "পৰিবেশ আৰু উন্নয়ন" (Environment and Development) বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।
অনসূয়া স্বপ্না বৰা নগাঁৱৰ নগাঁও ছোৱালী মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড০ স্বপ্না নেওগ বৰা আৰু এ ডি পি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক বিপুল কুমাৰ বৰাৰ কন্যা।