কলংপৰীয়া বাৰগঞা সমাজৰ দ্বাদশ সংখ্যক হেজাৰী ভাওনা মহোৎসৱৰ ব্যাপক প্ৰস্তুতি

নগাঁও জিলাৰ কৰৈয়নীৰ কলংপৰীয়া বাৰগঞা সমাজ, বাৰগঞা মহিলা সমিতিৰ যৌথ ব্যৱস্থাপনাত" অনুষ্ঠিত হ'বলগীয়া দ্বাদশ সংখ্যক হেজাৰী ভাওনা মহোৎসৱে এইবেলি হীৰক জয়ন্তী বৰ্ষত ভৰি দিলে।

author-image
Asomiya Pratidin
New Update
কলংপৰীয়া বাৰগঞা সমাজৰ দ্বাদশ সংখ্যক হেজাৰী ভাওনা মহোৎসৱৰ ব্যাপক প্ৰস্তুতি

ডিজিটেল সংবাদ উৰিয়া গাঁওঃ নগাঁও জিলাৰ কৰৈয়নীস্থিত কলংপৰীয়া বাৰগঞা সমাজ আৰু বাৰগঞা মহিলা সমিতিৰ যৌথ ব্যৱস্থাপনাত" অনুষ্ঠিত হ'বলগীয়া দ্বাদশ সংখ্যক হেজাৰী ভাওনা মহোৎসৱে এইবেলি হীৰক জয়ন্তী বৰ্ষত ভৰি দিলে। গুৰুজনাৰ অপূৰ্ব সৃষ্টি অংকীয়া ভাওনাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যৰে কৰৈয়নী বৰডোঙা পথাৰৰ অক্ষয় বন্তি প্ৰজ্বলিত সাৰ্বজনীন হেজাৰী ভাওনা মন্দিৰত অহা ১৩,১৪,১৫ আৰু ১৬ মাৰ্চত চাৰিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে হেজাৰী ভাওনা মহোৎসৱৰ আয়োজন কৰাৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে।

Advertisment

কাৰ্যসূচী অনুসৰি ১৩ মাৰ্চত পুৱা ঊষাকীৰ্তনৰ পিছতেই কলংপৰীয়া বাৰগঞা সমাজৰ ধৰ্মধ্বজা উত্তোলন আৰু ভাওনা মহোৎসৱৰ মূল পতাকা উত্তোলন কৰিব ক্ৰমে কলংপৰীয়া বাৰগঞা সমাজৰ সভাপতি নবীন চন্দ্ৰ গোস্বামী আৰু উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক ৰূপক শৰ্মাই। হীৰক জয়ন্তী বর্ষৰ লগত সংগতি ৰাখি অঞ্চলটোৰ স্থানীয় আৰু আমন্ত্ৰিত ব্যক্তিসকলৰ দ্বাৰা ৬০ খন পতাকা উত্তোলন কৰা হ'ব।

ইয়াৰ পিছতেই বাটচ'ৰা উন্মোচন আৰু সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচী অনুষ্ঠিত হ'ব। ১৪ মাৰ্চত পুৱা ঊষাকীৰ্তন,দৌল পূজা, প্ৰতি ৰভাত নাম কীৰ্তন আৰু দিনৰ ২ বজাত ধৰ্মালোচনী সভা আৰু স্মৃতিগ্ৰন্থ "কৰাপাট"  উন্মোচন কৰা হ'ব। নিশা প্ৰতি ৰভাত অংকীয়া ভাওনা প্ৰদৰ্শন কৰা হ'ব।

১৫ মাৰ্চত পুৱা শিশু অনুষ্ঠান "জ্যোতিষ্কৰ" ব্যৱস্থাপনাত পুৱা শিশু সন্মিলন (শংকৰী কলা-কৃষ্টি প্ৰদৰ্শন),দুপৰীয়া শিশু আলোচনী "জ্যোতিষ্ক" উন্মোচন আৰু বিশিষ্ট সমাজ সংগঠক ভাবুৰাম কেওটক "জ্যোতিষ্ক" সন্মান প্ৰদান কৰা হ'ব। বিয়লি সম্বৰ্ধনা অনুষ্ঠান আৰু নিশা শিশুসকলৰ দ্বাৰা কেবাখনো শিশু নাটক প্ৰদৰ্শন কৰা হ'ব।

অন্তিম দিনা পুৱা প্ৰতি ৰভাত খোল প্ৰসঙ্গ, নামকীৰ্তন, দিনৰ ২ বজাত প্ৰতি ৰভাত শিশুসকলৰ দ্বাৰা অংকীয়া ভাওনা প্ৰদৰ্শন আৰু নিশা প্ৰতি ৰভাত গুৰুজনাৰ অপূৰ্ব সৃষ্টি "কেলিগোপাল" নাট প্ৰদৰ্শন কৰা  হ'ব। উল্লেখযোগ্য যে,১৯৬৬ চনত কলংপৰীয়া বাৰগঞা সমাজ নামৰ এটি ধৰ্মীয় অনুষ্ঠানৰ গঢ়ি তোলা হৈছিল।

জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ, প্ৰসাৰ,কলা-কৃষ্টি চর্চাৰ লগতে নৱৰসেৰে সমৃদ্ধ অংকীয়া ভাওনা প্ৰদৰ্শনৰ মূল উদ্দেশ্য আগত ৰাখি উৰিয়া গাঁৱৰ সমীপৰ  বৃহত্তৰ কৰৈয়নী অঞ্চলৰ মধ্যস্থল বৰডোঙা পথাৰত পদ্মকৃতিৰ নৱদ্বাৰযুক্ত এটা মন্দিৰ নিৰ্মাণ কৰা হৈছিল। ২০০৭ চনত বৰপেটা সত্ৰৰ পৰা অক্ষয় বন্তিৰ শিখা আনি মন্দিৰত স্থাপন কৰা হৈছিল।

মন্দিৰটোৰ প্ৰতিষ্ঠা কালৰ পৰাই প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে হেজাৰী ভাওনা মহোৎসৱৰ উদযাপন কৰি অহা হৈছে। এইবাৰ হেজাৰী ভাওনা মহোৎসৱত ১১ ৰভাত মুঠ ৩৩ খন অংকীয়া ভাওনা প্ৰদৰ্শনৰ প্ৰস্তুতি চলোৱা হৈছে। ইতিমধ্যে মন্দিৰভাগৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী আঁচনিৰ জৰিয়তে ৫০ লাখ টকাৰ অনুদান  আগবঢ়াইছে।

বৰ্তমান নগাঁও-বটদ্রৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ বিশেষ তৎপৰতাত মন্দিৰটোৰ পুনৰ নির্মাণৰ কাম চলি আছে। তদুপৰি বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ বিধায়ক পুঁজিৰ জৰিয়তে মন্দিৰৰ প্ৰবেশদ্বাৰৰ মূল তোৰণখন নিৰ্মাণ কৰি থকা হৈছে।

উল্লেখ্য যে,ভাওনা মহোৎসৱৰ কাম-কাজ পৰিচালনাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক মুখ্য পৃষ্ঠপোষক, বাৰগঞা সমাজৰ প্রতিষ্ঠাপক সভাপতি, বিশিষ্ট শিক্ষাবিদ তথা সত্ৰাধিকাৰ প্ৰসন্ন কুমাৰ গোস্বামীক মুখ্য উপদেষ্টা, নগাঁও-বটদ্রৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাক সভাপতি, ক্ষীৰকান্ত শৰ্মা, ভুৱন চন্দ্ৰ শৰ্মাক কাৰ্যকৰী সভাপতি, দিলীপ বৰাক সম্পাদক, শম্ভূ শইকীয়াক কোষাধ্যক্ষ, সোনাৰাম বৰাক স্মৃতি গ্ৰন্থৰ সম্পাদক হিচাপে লৈ এখন শক্তিশালী উদযাপন সমিতি গঠন কৰাৰ লগতে ভাওনা মহোৎসৱৰ  বিভিন্ন দিশ পৰিচালনাৰ বাবে ৭ খন উপ সমিতি গঠন কৰা হৈছে।

ভাওনা মহোৎসৱলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আমন্ত্ৰণ জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আয়োজন সমিতিয়ে। উক্ত ভাওনা মহোৎসৱৰ সমূহ কাৰ্যসূচীত জিলাখনৰ লগতে অঞ্চলটোৰ ৰাইজৰ সহায়-সহাযোগিতা আৰু উপস্থিতি উদ্যোক্তাসকলে আন্তৰিকতাৰে কামনা কৰিছে।

বটদ্ৰৱা ভাওনা সমাৰোহ