বুঢ়াচাপৰিৰ বাঘাটাপুত উচ্ছেদিত ৰাইজৰ উত্তপ্ত পৰিস্থিতিঃ আৰক্ষী- অৰ্ধ সামৰিক বাহিনীৰ লাঠি চাৰ্জ ...

বুঢ়াচাপৰিৰ বাঘাটাপুত উচ্ছেদিতা ৰাইজৰ উত্তপ্ত পৰিস্থিতিঃ আৰক্ষী- অৰ্ধ সামৰিক বাহিনীৰ লাঠি চাৰ্জ ...
বুঢ়াচাপৰিৰ বাঘাটাপুত উচ্ছেদিতা ৰাইজৰ উত্তপ্ত পৰিস্থিতিঃ আৰক্ষী- অৰ্ধ সামৰিক বাহিনীৰ লাঠি চাৰ্জ ...

ডিজিটেল সংবাদ ৰূপহীহাট: বুঢ়াচাপৰি অভয়াৰণ্যৰ বাঘাটাপু চৰত বুধবাৰে শ শ উচ্ছেদিতৰ অবাঞ্চিত উত্তাল পৰিস্থিতত আৰক্ষীৰে ৰাইজক ছত্ৰ ভংগ দিবৰ বাবে লাঠিচাৰ্জ দিবলগাত পৰে ৷ উত্তপ্ত পিৰিস্থিতিৰ বিষয়ে জানিব পৰা গ'ল যে, কিছুদিনৰ পূৰ্বে অভয়াৰণ্যখনৰ বাঘাটাপুটু চৰটো বিভাগে উচ্ছেদ কৰিছিল৷

সেই বাঘাটাপুতে থকা এখন এল পি স্কুলো উচ্ছেদ কৰিছিল ৷ উক্ত বিদ্যালয়ৰ প্ৰাঙ্গনত বুধবাৰে বন বিভাগে এটা শিবিৰ নিৰ্মাণ কৰিবলে বনকৰ্মী উপস্থিত হৈছিল৷

ইয়াৰে উমান পায় উচ্ছেদিত ৰাইজে ৷ কছু সময়তে উক্ত স্থানত পুৰুষ মহিলাকে লৈ নিমিষতে শ শ লোক উপস্থিত হৈ কিছু দাবী উথ্থাপন কৰি পৰিস্থিতি অস্থিৰ কৰে৷ বন কৰ্মীয়ে বুজাইয়ো সৈমান কৰিব নোৱাৰাত পৰিস্থিতি ক্ৰমাৎ বেয়াৰ ফালে যায়৷

পিছত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে লাঠিচাৰ্জ দি উত্তেজিত ৰাইজক ছত্ৰ ভংগ দিয়ে ৷

বুঢ়াচাপৰিৰ বাঘাটাপুত উচ্ছেদিতা ৰাইজৰ উত্তপ্ত পৰিস্থিতিঃ আৰক্ষী- অৰ্ধ সামৰিক বাহিনীৰ লাঠি চাৰ্জ ...
জুবিনৰ পৰা অসমীয়া চিনেমালৈ, OLA- Uber ৰ পৰা Rapido লৈ, ক'তো নাই পেছাদাৰীত্ব

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in