Advertisment

জাতীয়তাবাদী নেতা হাফিজ উদ্দিন আহমেদৰ মৃত্যু...

জাতীয়তাবাদী নেতা হাফিজ উদ্দিন আহমেদৰ মৃত্যু...

author-image
Asomiya Pratidin
New Update
জাতীয়তাবাদী নেতা হাফিজ উদ্দিন আহমেদৰ মৃত্যু...

জাতীয়তাবাদী নেতা হাফিজ উদ্দিন আহমেদৰ মৃত্যু...

ডিজিটেল সংবাদ কলিয়াবৰঃ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত শিলঘাট শেনছোৱা গাওঁ নিবাসী তথা অসম জাতীয়তাবাদী যুৱ -ছাত্র পৰিষদৰ কলিয়াবৰ জিলা সমিতিৰ প্ৰাক্তন বিষয়ববীয়া হাফিজ উদ্দিন আহমেদৰ মঙ্গলবাৰে সন্ধিয়া নিজা বাসভবনত মৃত্যু হয়। আজি কিছুদিন ধৰি আহমেদ অসুস্থ হৈ আছিল।

Advertisment

আহমেদ বিভিন্ন সামাজিক,সাংস্কৃতিক কাম কাজৰ লগত জড়িত থকাৰ লগতে নিজৰ গাঁওখনৰ সকলো অনুষ্ঠানৰ লগত জড়িত আছিল। কলিয়াবৰত যুৱ -ছাত্ৰ পৰিষদৰ সংগঠন শক্তিশালী কৰাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা আহমেদ অসম আন্দোলনৰ লগত সক্ৰিয়ভাবে জড়িত আছিল।

শিক্ষক হিচাপেও তেওঁৰ জনপ্ৰিয়তা আছিল। আহমেদৰ মৃত্যুত গাওঁখনৰ লগতে সমগ্র অঞ্চলটোত শোকৰ ছাঁ পৰিছে। আহমেদৰ মৃত্যুত অসম জাতীয়তাবাদী যুৱ -ছাত্ৰ পৰিষদৰ কলিয়াবৰ জিলা সমিতি ,পৰিষদৰ কলিয়াবৰ জিলা প্ৰাক্তন সতীৰ্থ সন্মিলন, অসম জাতীয়তাবাদী যুৱ -ছাত্র পৰিষদৰ প্ৰাক্তন সাধাৰণ সম্পাদক কনক হাজৰিকা , স্থানীয় অগপ সমিতি, শেনছোৱাগাঁও মছজিদ পৰিচালনা সমিতিকে ধৰি বিভিন্ন অনুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে।

মৃত্যুৰ সময়ত তেওঁ পত্নী ,পুত্ৰ ,কন্যা সহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ গৈছে।

Also Read: পদত্যাগ কৰিলে আৰক্ষী অধীক্ষ আনন্দ মিশ্ৰই...

কলিয়াবৰ