কচুৱাৰ পুঠিমাৰী হাইস্কুলৰ প্ৰধান শিক্ষকক ঘেৰাও

মধ্যাহ্ণ ভোজন,আন্তঃগাঁথনি, ইউনিফৰ্ম আদিত ব্যাপক অনিয়মৰ অভিযোগ

author-image
Asomiya Pratidin
New Update
কচুৱাৰ পুঠিমাৰী হাইস্কুলৰ প্ৰধান শিক্ষকক ঘেৰাও

ডিজিটেল সংবাদ,কামপুৰ : বুধবাৰে নগাঁও জিলাৰ কপিলী শিক্ষা খণ্ডৰ অন্তৰ্গত পুঠিমাৰী হাইস্কুলৰ প্ৰধান শিক্ষকক ঘেৰাও কৰিলে অভিভাৱক তথা স্থানীয় ৰাইজে। বিদ্যালয়খনত সংঘটিত বিভিন্ন অভিযোগ উত্থাপন কৰি সচতেন ৰাইজে প্ৰতিবাদী কাৰ্য্যসূচী হাতত লয়।

Advertisment

উল্লেখ্য যে, বিদ্যালয়খনত মধ্যাহ্ন ভোজন, ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্ম,আন্তঃগাঁঠনি উন্নয়নৰ নামআবণ্টিত ধনৰ নামত চলা অনিয়ম সম্পৰ্কত এই কাৰ্যসূচী হাতত লয় বুলি ক্ষুব্ধ ৰাইজে জানিবলৈ দিয়ে। অভিযোগ অনুসৰি মধ্যাহ্ন ভোজনৰ বহুবেগ চাউল গুদামতে পচিবলৈ আৰম্ভ কৰিছে।

ইয়াৰোপৰি এনেবোৰ পচা চাউলকে বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীক খুৱাই আছে। অহা বৃহস্পতিবাৰৰ পৰা ছয়মাহিলী পৰীক্ষা আৰম্ভ হ'ব যদিও ছাত্ৰ -ছাত্ৰীক আজিকোপতি পাঠ্যপুথিৰ যোগান ধৰিব পৰা নাই বিদ্যালয় কতৃপক্ষই।

এইবোৰৰ কাণ্ডৰ উপৰি বিদ্যালয়ৰ আন্তঃ গাঁঠনি উন্ননৰ ধন সম্পৰ্কে বিদ্যালয় পৰিচালনা সমিতিৰ ওচৰত কোনো হিচাব দাখিল নকৰাৰ অভিযোগ উত্থাপন কৰে। আনহাতে সচতেন অভিভাৱকসকলে বিদ্যালয়খনৰ আন শিক্ষকসকলে নিৰ্ধাৰিত সময়তকৈ আগেই বিদ্যালয়ৰ পৰা গুচি যোৱা বুলি উল্লেখ কৰে।

Also Read: সীমা বিবাদত অতিষ্ঠ অসমীয়া

kampur protest school