/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/12f18363-88a0-4954-96f8-60ee049e34d8/6.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ জাজৰি অঞ্চলৰ অগ্ৰনী শিক্ষানুষ্ঠান গ্ৰীণভেলী পাব্লিক স্কুলৰ বুধবাৰে বাৰ্ষিক বঁটা বিতৰণী সভা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানটিৰ আৰম্ভণিতে ৰহমান ফাউণ্ডেশ্যনৰ ন্যাস প্ৰবন্ধক (managing trusty) নজিফা বেগমে উপস্থিত অতিথিসকলক স্বাগতম জনাই, ৰহমান ফাউণ্ডেশ্যনৰ সৌজন্যত গঢ় লৈ উঠা গ্ৰীণভেলী পাব্লিক স্কুলৰ জন্ম আৰু লক্ষ্য উদ্দেশ্য বিশ্লেষণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/54066e00-b120-40c2-9680-6eee81554879/3251aa23-8f2e-48c1-ac4a-a95f3f992409.jpg)
ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা পৰিৱেশিত বৰগীত, লোকনৃত, আধুনিক নৃত্য, জ্যোতি সংগীত, ৰাভা সংগীত, আধুনিক গীত আদি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ সমাহাৰেৰে অনুষ্ঠিত হয় অনুষ্ঠানটি। উক্ত অনুষ্ঠানটিত বিশিষ্ট সমাজকৰ্মী, শিক্ষাবিদ ইমদাদুৰ ৰহমান, দিলোৱাৰ হুছেইন, ছহিদ উলাহ, ইকবাল হুছেইন, অভিজিৎ বৰুৱা, এলিনা হুছেইন, আব্দুৰ ৰহমান, বিজয় ৰাজা, সাংবাদিক দিব্যজ্যোতি বৰুৱাকে আদি কৰি ছাত্র-ছাত্ৰী, অভিভাৱক-আভিভাবিকা আৰু শিক্ষক-শিক্ষয়িত্ৰীসকল উপস্থিত থাকে। অনুষ্ঠানটিত মঙলবাৰে বিদ্যালয়ত অনুষ্ঠিত হোৱা বিজ্ঞান নমুনা প্ৰতিযোগিতাৰ প্ৰথম স্থান লাভ কৰা নৱম শ্ৰেণীৰ দলটিক সম্বৰ্ধনা জনোৱা হয়।
Also Read: কেৰালালৈ যোৱা কাকীৰ এজন সন্ধানহীনঃ সতীৰ্থৰ বিৰুদ্ধে সন্দেহৰ আঙুলি