Advertisment

চৰকাৰী আঁচনিৰ চাইকেল বেচৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক বিক্ৰী প্ৰধান শিক্ষকৰ

চৰকাৰী আঁচনিৰ চাইকেল বেচৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক বিক্ৰী প্ৰধান শিক্ষকৰ

author-image
Asomiya Pratidin
New Update
চৰকাৰী আঁচনিৰ চাইকেল বেচৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক বিক্ৰী প্ৰধান শিক্ষকৰ

ডিজিটেল সংবাদ,কলিয়াবৰ: নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ৰাজ্য চৰকাৰে আগবঢ়োৱা মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ চাইকেল বিতৰণত ব্যাপক কেলেংকাৰী সংঘটিত হৈছে কলিয়াবৰৰ এখন বিদ্যালয়ত। চৰকাৰী চাইকেল বিক্ৰীৰ উপৰিও বেচৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক অবৈধভাৱে বিতৰণৰ লগতে চাইকেল বিতৰণৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ পৰা ধন সংগ্ৰহৰ অভিযোগ উঠিছে কলিয়াবৰৰ শিৱস্থান উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে।

Advertisment

উল্লেখ্য যে, ২০২৩-২৪ বৰ্ষৰ মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ৰাজ্য চৰকাৰে আগবঢ়োৱা চাইকেল বিতৰণত ক্ষেত্ৰত বিদ্যালয়ৰ অন্য শিক্ষকসকলক অন্ধকাৰত ৰাখি প্ৰধান শিক্ষক প্ৰসন্ন কুমাৰ দাধৰাই সংঘটিত কৰিছে ব্যাপক কেলেংকাৰী। প্ৰাপ্ত তথ্য অনুসৰি বিদ্যালয়খনৰ নৱম শ্ৰেণীৰ মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ'ল ১৬৯। কিন্তু বিদ্যালয়ৰ নথিত অতিৰিক্ত ভুৱা ছাত্ৰ-ছাত্ৰী দেখুৱাই প্ৰধান শিক্ষক প্ৰসন্ন কুমাৰ দাধৰাই প্ৰশাসনৰ পৰা সৰকালে ১৮৫ খন চাইকেল।

অতিৰিক্ত চাইকেলসমূহ শিৱস্থান জাতীয় বিদ্যালয় নামৰ বেচৰকাৰী বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীক প্ৰতিখনত ১৫০০ৰ পৰা ২০০০ টকাত বিক্ৰী কৰাৰ অভিযোগ উঠিছে প্ৰধান শিক্ষক প্ৰসন্ন কুমাৰ দাধৰাৰ বিৰুদ্ধে। প্ৰসন্ন কুমাৰ দাধৰাৰ এনে কেলেংকাৰীত সহযোগ কৰিছে শিৱস্থান জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰাম নাৰায়ণ শইকীয়াই।

শিৱস্থান হাইস্কুলৰ নামত পঞ্জীয়ণ কৰাৰ বাবেই বেচৰকাৰী বিদ্যালয়খনৰ ১৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে চাইকেল লাভ কৰা বুলি দাবী কৰাৰ লগতে বিষয়টো সন্দৰ্ভত সাংবাদিকৰ মুখ বন্ধ কৰিবলৈ মেনেজ মাষ্টৰৰ ৰূপত অৱতীৰ্ণ হৈছে স্বয়ম্ভু প্ৰধান শিক্ষক ৰাম নাৰায়ণ।

চৰকাৰী চাইকেল বিক্ৰী আৰু অবৈধ ভাৱে বিৰতৰণেই নহয়, চাইকেল বিতৰণৰ নামত ছাত্ৰ-ছাত্ৰীৰ পৰা ২০০ টকাকৈ সংগ্ৰহ কৰাৰো অভিযোগ উঠিছে শিৱস্থান হাইস্কুলৰ প্ৰধান শিক্ষক প্ৰসন্ন কুমাৰ দাধৰাৰ বিৰুদ্ধে। অৱশ্যে বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া হোৱাৰ পিছতে ছাত্ৰ-ছাত্ৰীক ধন ঘূৰাই দিবলৈ বাধ্য হয় প্ৰধান শিক্ষক গৰাকী।

উল্লেখ্য যে, প্ৰধান শিক্ষক প্ৰসন্ন কুমাৰ দাধৰাই ছাত্ৰ-ছাত্ৰীৰ ভুৱা তথ্যৰে সৰকোৱা কেইবাখনো চাইকেল বৰ্তমানেও মজুত আছে বিদ্যালয়ৰ কক্ষত।

Also Read: ফকৰুদ্দিন...

ASSAM GOVERNMENT