বঢ়মপুৰ অন্ধ বিদ্যালয়ত ৰাজ্যপালৰ মত-বিনিময়...

দুদিনীয়া ভ্ৰমণ সূচীৰে বুধবাৰে নগাঁৱত উপস্থিত হোৱা অসমৰ ৰাজ্যপাল লক্ষ্মন প্ৰসাদ আচাৰ্যই আজি পুৱা ১১ বজাত উত্তৰ পূব ভাৰতৰ অন্যতম মানৱ সেৱাৰ অনুষ্ঠান শ্ৰীমন্ত শংকৰ মিশ্যনৰ দ্বাৰা পৰিচালিত বঢ়মপুৰ অন্ধ উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হয়হি।

author-image
Asomiya Pratidin
New Update
বঢ়মপুৰ অন্ধ বিদ্যালয়ত ৰাজ্যপালৰ মত-বিনিময়...

ডিজিটেল সংবাদ,নগাঁও: দুদিনীয়া ভ্ৰমণ সূচীৰে বুধবাৰে নগাঁৱত উপস্থিত হোৱা অসমৰ ৰাজ্যপাল লক্ষ্মন প্ৰসাদ আচাৰ্যই আজি পুৱা ১১ বজাত উত্তৰ পূব ভাৰতৰ অন্যতম মানৱ সেৱাৰ অনুষ্ঠান শ্ৰীমন্ত শংকৰ মিশ্যনৰ দ্বাৰা পৰিচালিত বঢ়মপুৰ অন্ধ উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হয়হি।

Advertisment

ৰাজ্যপালগৰাকী বিদ্যালয়খনত উপস্থিত হোৱাৰ পাছতে শিক্ষাৰ্থীসকলে এটি প্ৰাৰ্থনাৰে আদৰণি জনায়। ইয়াৰ পাছতে ৰাজ্যপালগৰাকীক শ্ৰীমন্ত শংকৰ মিশ্যনৰ পৰা উষ্ম আদৰণি জনোৱা হয়।

এই অনুষ্ঠানৰ পাছতে বিদ্যালয়খনৰ দিব্যাংগ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত- বিনিময় কৰে ৰাজ্যপালগৰাকীয়ে। এই মত-বিনিময়তে ৰাজ্যপালগৰাকীৰ সন্মুখত ছাত্ৰ-ছাত্ৰীসকলে উত্থাপন কৰিলে নিজৰ অভাৱ-অভিযোগসমূহ।

ৰাজ্যপালগৰাকীয়ে মত বিনিময় অনুষ্ঠানৰ পাছতেই অংশগ্ৰহণ কৰে এক সাংস্কৃতিক অনুষ্ঠানত। এগৰাকী দিব্যাংগ ছাত্ৰৰ গীত শুনি অভিভূত হৈ পৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য।  

এই অনুষ্ঠানতে কেইবাগৰাকীও অন্ধ ছাত্ৰ-ছাত্ৰীৰ মাজত Smart phone আৰু ইলেকট্ৰনিক লাখুঁটি বিতৰণ কৰে। তাৰোপৰি ৰাজ্যপালগৰাকীয়ে শিক্ষাৰ্থীসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে।

ভাষণ প্ৰসঙ্গত ৰাজ্যপালগৰাকীয়ে দিব্যাংগ ছাত্ৰ-ছাত্ৰীসকলৰ দুখ-বেদনাক আন্তৰিকতাৰে অনুধাৱন কৰা বুলি প্ৰকাশ কৰাৰ লগতে বিদ্যালয়খনৰ বাবে চৰকাৰে বিশেষ দৃষ্টি দিব বুলিও প্ৰকাশ কৰে।

ইয়াৰ পূৰ্বে আজি পুৱাৰ ভাগত ৰাজ্যপালগৰাকীয়ে বঢ়মপুৰ ভেৰভেৰীৰ মহামৃত্যুঞ্জয় মন্দিৰত উপস্থিত হৈ পূজা অৰ্চনা আগবঢ়ায়। ৰাজ্যপালগৰাকীৰ লগত সংগ দিয়ে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী আৰু জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে।

বঢ়মপুৰ ৰাজ্যপাল