১০ দিনৰ অন্তত ৰহস্য ভেদ গড়াজনৰ ৰাজ্য কপাই যোৱা হত্য়াকাণ্ডৰ

সমগ্ৰ ৰাজ্য জোকাৰি যোৱা গড়াজান হত্যা কাণ্ডৰ সন্দৰ্ভত আৰক্ষীয়ে এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।আজি এখন সংবাদ মেলৰ জৰিয়তে নগাঁও জিলাৰ আৰক্ষী অধীক্ষকে এই কথা সদৰী কৰে।

author-image
Asomiya Pratidin
New Update
১০ দিনৰ অন্তত ৰহস্য ভেগ গড়াজনৰ ৰাজ্য কপাই যোৱা হত্য়াকাণ্ডৰ

ডিজিটেল সংবাদ,নগাঁও:  সমগ্ৰ ৰাজ্য জোকাৰি যোৱা গড়াজান হত্যা কাণ্ডৰ সন্দৰ্ভত আৰক্ষীয়ে এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।আজি এখন সংবাদ মেলৰ জৰিয়তে নগাঁও জিলাৰ আৰক্ষী অধীক্ষকে এই কথা সদৰী কৰে।

আৰক্ষীয়ে গুনধৰ সৰকাৰৰ ভতিজা অমল সৰকাৰ ওৰফে বাবুল সৰকাৰক প্ৰেমিক অনুপম সূত্ৰধৰক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে। ধৃত অমলক ৰূপহীহাট আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে এছ আই টিয়ে।

নগাঁৱৰ আৰক্ষী অধীক্ষকে জনোৱা মতে অনুপমে সেই নিশা গড়াজানৰ গুনধৰ সৰকাৰৰ বাসগৃহত প্ৰৱেশ কৰি প্ৰথমে জ্যোতিস্মতা সৰকাৰ আৰু গুনধৰ সৰকাৰক হত্যা কৰাৰ পিছত সৰুজনি সৰকাৰক দাৰে কাটি আছিল।

কিন্তু অমলে খুৰাকৰ ঘৰৰ পৰা ভাহি অহা চিঞৰ বাখৰ শুনি ঘৰটোত প্ৰৱেশ কৰি অনুপমৰ বৰ্বৰ কাণ্ড দেখা পায়। অমলে পিছফালৰ পৰা অনুপমক সাৱটি ধৰি খুৰীয়েকৰ প্ৰাণ বচোৱাৰ চেষ্টা কৰে যদিও অনুপমে অমল সৰকাৰকো দা খনেৰে আক্ৰমণ কৰাত তেওঁ ভৰিত আঘাত পায়।

দুয়োৰে মাজত হতাহতিও হৈছিল। তিনি জনকৈ লোকক একেখন ঘৰত হত্যা কৰা অনুপমে পিছত অমলকো হত্যা কৰাৰ প্ৰচেষ্টা চলায়।যদিও আত্মৰক্ষাৰ বাবে অমলে একে খন দাৰে আক্ৰমণ কৰাত ঘটনাস্থলীত অনুপম সূত্ৰধৰৰ মৃত্যু হয়।

একেখন দাৰেই চাৰি জনক লোকক হত্যা কৰা বুলি প্ৰকাশ কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে। ইতিমধ্যে অমলে উক্ত ঘটনাৰ বিষয়ে স্বীকাৰোক্তি প্ৰদান কৰা বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে সাংবাদিকক জানিবলৈ দিছে।

আৰক্ষী অধীক্ষকগৰাকীয়ে আৰু কয় যে অনুপম আৰু গুনধৰ সৰকাৰৰ জ্যেষ্ঠ কন্যাৰ মাজত ২০২২ লৈ সম্পৰ্ক আছিল আৰু পিছলৈ সম্পৰ্ক ব্যাহত হয়। অনুপম আৰু প্ৰেমিকাৰ মাজত গোচৰো হৈছিল।

তদুপৰি আৰক্ষী অধীক্ষক গৰাকীয়ে সাংবাদিকক জনায় যে প্ৰেমিকাৰ সৈতে চলিত বৰ্ষত বিয়া ঠিক হোৱা কুশল সৰকাৰৰ ঘৰত গৈ অনুপমে ভাবুকি দিছিল। আৰক্ষী অধীক্ষকগৰাকীয়ে জনায় যে জ্যেষ্ঠ কন্যা আৰু মৃত জ্যোতিস্মিতাৰ মাজত উক্ত দিনা সন্ধিয়া ৭-৪৯ বজাত অন্তিমবাৰৰ বাবে মোবাইল ফোনত যোগাযোগ হৈছিল আৰু আৰক্ষীয়ে ৮-১৮ বজাত ভয়াৱহ হত্যাকাণ্ডটোৰ বিষয়ে জানিব পাৰিছিল।

উল্লেখযোগ্য যে আজি দশম দিনা অসম আৰক্ষীয়ে অংশুমানক হত্যা কৰাৰ অভিযোগত গুনধৰ সৰকাৰৰ ভতিজা অমল সৰকাৰ ওৰফে বাবুল সৰকাৰক গ্ৰেপ্তাৰ কৰে।

হত্যাকাণ্ড ৰূপহীহাট