/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-05/hx13fipf/b6b04d4a-5d91-409b-aff1-1ce6ae73febb.jpg)
ডিজিটেল সংবাদ ,বেবেজীয়া : নগাঁও জিলাৰ খাগৰিজান সংহত শিশু উন্নয়ন প্ৰকল্পত শুকুৰবাৰে অংগনবাড়ী কৰ্মী -সহায়িকাসকলৰ বেবেজীয়া আৰু শেনচোৱা চক্ৰৰ শেনচোৱা গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ ভৱনত আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱসটি উদযাপন কৰা হয় ৷ বেটি বচাও বেটি পঢ়াও শ্লোগানেৰে পুৱা ৯-০০ বজাত শোভাযাত্ৰাৰে শুভাৰম্ভণী হোৱা অনুষ্ঠানটিৰ পাছতে কিশোৰীসকলৰ দ্বাৰা গছপুলি ৰোপণ কাৰ্যসূচীৰ সম্পন্ন হয় ৷
তাৰ পাচতে দুপৰীয়া কন্যা শিশু দিৱস উপলক্ষ আয়োজিত সজাগতা সভাত খাগৰিজান সংহত শিশু উন্নয়ন প্ৰকল্পৰ প্ৰকল্প বিষয়া জ্যোতিপ্ৰসাদ বেজবৰুৱাই আদৰণী ভাষণ প্ৰদান কৰে। তেঁও কয় যে কন্যা শিশু জন্ম হোৱাৰ পাছৰে পৰা সুশিক্ষিত কৰি সমাজত মানুহ হিচাপে গঢ় দিব লাগে ৷
সভাত জিলা মাতৃ বন্দনা বিষয়া কুইন বৰাই কন্যা শিশু সুৰক্ষা আৰু বিকাশৰ ওপৰত বক্তব্য আগবঢ়ায় ৷ বিষয়া সুৰুজমনি শইকীয়াই বাল্য বিবাহ আৰু ভাৰতী বিশ্বাসে স্পৰ্শৰ ভাল বেয়াৰ ওপৰত আলোকপাত কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-05/y9ooohxx/97e4e9a5-63f1-4e14-905c-448ae5cbd1e2.jpg)
খাগৰিজান সংহত শিশু উন্নয়ন প্ৰকল্পৰ মুখ্য সেৱিকা জোনালি বৰা আৰু পিংকি বৰাই আঁত ধৰা সজাগতা সভাখনিত মুখ্য সেৱিকা ৰুলিমনি শইকীয়াই কয় যে আজিৰ কিশোৰী কাইলৈ দেশৰ মাতৃ । সভাত আমন্ত্ৰিত অতিথি হিচাপে সাংবাদিক দেৱজিৎ হাজৰিকাই কয় যে কন্যা সন্তান জন্ম হ'ল বুলিয়েই তেওঁলোকক অৱহেলা নকৰিব ৷ দশপুত্ৰসম এক কন্যা ৷
গাম্ভীৰ্যপূৰ্ণ সভাখনিত সাংস্কৃতিক সংগঠক লেনিন মহন্ত, শেনচোৱা গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি ৰাজীৱ বৰাই ভাষণ প্ৰদান কৰে ৷ সভাৰ আৰম্ভণিতে অতিথিসকলক একোটাকৈ গছপুলিৰে আদৰণী জনোৱ ব্যতিক্ৰমী অনুষ্ঠানটিত লভনা কাশ্যপৰ গীতেৰে জীপাল হৈ পৰে ৷
সভাত মুখ্য সেৱিকাসকলৰ দ্বাৰা পৰিবেশিত হয় এটি সমবেত সংগীত ৷ সভাৰ শেষত ৰাষ্ট্ৰীয় সংগীতেৰে সভাৰ সামৰণি পৰে ৷
Also Read: ৰাজধানী চহৰ নতুন দিল্লীত আজিৰে পৰা সাদিন-প্ৰতিদিন গোষ্ঠীৰ ‘দ্য কনক্লেভ ২০২৪’