/asomiyapratidin/media/media_files/2024/12/22/RYQHUQguVIfz5lBV5S9F.jpg)
'বিকাশ'ৰ সাধাৰণ সভা সম্পন্নঃ গণশিল্পী সূৰ্য দাসলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ ৰাইডঙীয়া সৌৰভ শাখা সাহিত্য সভা ভৱনত আজি শিশুৰ বাবে উৎসৰ্গিত অনুষ্ঠান "বিকাশ"ৰ এখনি সাধাৰণ সভা অনুষ্ঠিত হয়। সভাৰ আৰম্ভণিতে গণশিল্পী প্ৰয়াত সূৰ্য দাসৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
অনুষ্ঠানটিত বন্তি প্ৰজ্বলন কৰে ধীৰসিং পাটৰ আৰু পুস্পাঞ্জলি অৰ্পণ কৰে নৱকমল ৰাজা আৰু ললিত মেধিয়ে। পাছত শিক্ষক, শিল্পী বুধেন চন্দ্ৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদেশ্য ব্যখ্যা কৰে প্ৰধান সম্পাদক শংকৰজ্যোতি শৰ্মাই।
সভাত প্ৰতি বছৰৰ দৰে এইবাৰো বিকাশৰ উদ্যোগত অহা ৮ আৰু ৯ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে শিশু সমাৰোহ অনুষ্ঠিত কৰাৰ বিষয়ত আলোচনা কৰা হয়। সভাতে আগন্তুক বৰ্ষৰ বাবে ললিত মেধিক সভাপতি, লাচিত বৰদলৈক কাৰ্যকৰী সভাপতি, শংকৰজ্যোতি শৰ্মাক প্ৰধান সম্পাদক, কবিন চন্দ্ৰ পাটৰ, খগেন চন্দ্ৰ বৰুৱাক সম্পাদক হিচাপে লৈ এখন শক্তিশালী সমিতি গঠন কৰা হয়।