বটদ্ৰৱা থানত গন্ধোৎসৱ উপলক্ষে নিশা উখল মাখল পৰিৱেশ...

দৌল যাত্ৰা মহোৎসৱ উপলক্ষে আজি বটদ্রৱা থানত গন্ধোৎসৱ বা বহ্নোৎসৱ পালন কৰা হয়। এই উপলক্ষে গোবিন্দ গোসাঁইক সন্ধ্যা গায়ন, বায়ন আৰু ভক্তসবে গাই বাই থানৰ পৰা উলিয়াই অনা হয়।

author-image
Tushar Pratim
New Update
বটদ্ৰৱা থানত গন্ধোৎসৱ উপলক্ষে নিশা উখল মাখল পৰিৱেশ...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ দৌল যাত্ৰা মহোৎসৱ উপলক্ষে বটদ্রৱা থানত বিৰাজ কৰিছে উখল মাখল পৰিৱেশে। আজি গন্ধোৎসৱ বা বহ্নোৎসৱ উপলক্ষে গোবিন্দ গোসাঁইক সন্ধ্যা গায়ন, বায়ন আৰু ভক্তসবে গাই বাই থানৰ পৰা উলিয়াই অনা হয়।

Advertisment

পাছত ভকত বৈষ্ণৱ, গায়ন, বায়নে আকাশী গংগাৰ তীৰত এটি অস্থায়ী (গন্ধঘৰ) ঘৰলৈ নি বিঘিনি নাশক মন্ত্ৰ উচ্চাৰন কৰি পাছত গন্ধঘৰটো পুৰি গোসাঁইক তাৰ পৰা লৈ আহা হয়। বৰদোৱাৰ থলুৱা প্রাকৃতিক উপাদানেৰে প্ৰস্তুত কৰা এবিধ বিশেষ তেলেৰে নোওৱা হয়।

পাছত গোসাঁইক নতু্ন বস্ত্র পিন্ধোৱা হয় আৰু গায়ন বায়নে ‘ৰাম ধেমালী’ পৰিবেশন কৰে। উল্লেখ্য যে, আজিৰে পৰা ১৭ মাৰ্চলৈ পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বটদ্রৱা থানত দৌল যাত্ৰা মহোৎসব পালন কৰা হৈছে।

আজি গন্ধোৎসৱ পালন কৰাৰ পাছত কাইলৈ অৰ্থাৎ ১৪ ৰ্মাচত ‘গোসাঁই মূৰত ফাকু দিয়া উৎসৱ’ পালন কৰা হ'ব। দুপৰীয়া গোসাঁইক নোৱাই ধোৱাই আসনত বহুৱাই সুবাসিত ফাকু দিয়া হ'ব আৰু গায়ন বায়নে ‘ন-ধেমালী’ পৰিবেশন কৰিব। সেইদৰে ভক্ত বৈষ্ণৱ সকলে ফাকু ৰ্নিমালী আৰু পদজল গ্রহন কৰিব।

কাইলৈ ওৰে নিশা গোসাঁইক ৰভাতলত ৰাখি ৰাজ্যখনৰ ভিন্ন প্রন্তৰ পৰা অহা ভক্ত বৈষ্ণৱে নাম কীৰ্তন কৰিব। ১৫ ৰ্মাচৰ দিনা পালন কৰিব গোসাঁই ফুৰোৱা উৎসৱ। সেই দিনা ২ বজাত গায়ন বায়ন, ভকত-বৈষ্ণৱ, আই-মাতৃ সকলোৱে কৃষ্ণ গোসাঁইক ৰভাতলৰ পৰা উলিয়াই দৌললে যাত্রা কৰিব।

দৌল মন্দিৰত গোসাঁইক পূজা অৰ্চনা দি সাত পাক প্ৰদক্ষিণ কৰোৱাৰ পাছত গোসাঁইক বৰদোৱাৰ দুই সত্ৰ ক্ৰমে শ্ৰীশ্ৰী শলগুৰি আৰু শ্ৰীশ্ৰী নৰোৱা সত্ৰত প্ৰদক্ষিণ কৰোৱাৰ লগতে সত্ৰাধিকাৰ, ডেকা সত্ৰাধিকাৰৰ ঘৰত প্ৰবেশ কৰোৱাই পূজা অৰ্চনা দি শেষত কীৰ্তন ঘৰত প্ৰবেশ কৰোৱা পাছতে দৌলযাত্রা উৎসৱৰ ধৰ্মীয় কাৰ্যসূচীৰ অন্ত পৰিব।

বটদ্ৰৱা থান দৌল উৎসৱ