নগাঁৱত বিনামূলীয়া চকু চিকিৎসা শিবিৰ...

নগাঁৱত বিনামূলীয়া চকু চিকিৎসা শিবিৰ...

author-image
Asomiya Pratidin
New Update
নগাঁৱত বিনামূলীয়া চকু চিকিৎসা শিবিৰ...

ডিজিটেল সংবাদ, বেবেজীয়াঃ ৰাষ্ট্ৰীয় অন্ধতা নিৱাৰণ কাৰ্যক্ৰম,নগাঁও স্বাস্থ্য বিভাগৰ সহযোগত আৰু জিৰণি বেচৰকাৰী অনুষ্ঠানৰ উদ্যোগত জিলাখনৰ গৰুবন্ধা মিকিৰগাঁও খেলপথাৰত বুধবাৰে বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত হয় ৷

Advertisment

কঠিয়াতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য বিষয়া ডিম্বেশ্বৰ কোঁৱৰ, চামগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য বিষয়া বেদান্ত বৰায়ে অতি আন্তৰিকতাৰে ৰোগীসকলক সেৱা আগবঢ়াই ৷ গৰুবন্ধা উপ-স্বাস্থ্য কেন্দ্ৰৰ সামূহিক স্বাস্থ্য বিষয়া দেৱানন্দ শইকীয়া আৰু এম পি ডব্লিউ কৰ্মচাৰী মুজাহিৰুল হকে বিশেষভাৱে সহযোগ কৰে ৷

গাঁৱলীয়া চিকিৎসা গ্ৰহণ কৰাৰ পৰা বিৰত থাকিবলৈ স্বাস্থ্য বিষয়া ডিম্বেশ্বৰ কোঁৱৰে ৰাইজক পৰামৰ্শ দিয়ে ৷ শিবিৰত উপস্থিত আছিল মিকিৰগাঁৱৰ গাওঁপ্ৰধান ভকতৰাম তিমুং,সমাজ সেৱক দুৰ্লভ নাথ আৰু জিৰণিৰ সম্পাদিকা চিত্ৰলেখা দাস ৷ চকু চিকিৎসা শিবিৰত প্ৰায় এশৰো অধিক ৰোগীয়ে চিকিৎসা গ্ৰহণ কৰে ৷ অতি ভিতৰুৱা অঞ্চলত এনে স্বাস্থ্য শিবিৰ অনুষ্ঠিত হোৱাত সাধাৰণ ৰাইজ উপকৃত হোৱা পৰিলক্ষিত হৈছে ৷

Also Read: তিনিখন দেশৰ ৰাষ্ট্ৰীয় সংগীত লিখিছিল কবিগুৰুৱে...

health camp