/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/f730d326-0532-4c6d-8c41-da22223cab4f/1.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞানগাৰ কোঠা নিৰ্মাণ কামৰ শনিবাৰে আধাৰশিলা স্থাপন কৰা হয়। বিদ্যালয়ৰ শিক্ষক তথা সমাজকৰ্মী ইমদাদুৰ ৰহমানে আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞানগাৰ কোঠা নিৰ্মাণ কামৰ আধাৰশিলা স্থাপন কৰে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱা মনি বৰাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/467706ea-a14a-445d-9f90-2edaff9218eb/e445828d-bf52-4ef2-82bb-afaffd6e81ad.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/989fa4cf-6234-4dbc-8078-d7b8b6b39cdc/df4cdefe-809c-45fc-9f25-cb9ab4d49d6d.jpg)
আধাৰশিলা স্থাপন কৰি বিধায়িকা শিৱা মনি বৰাই ঐতিহ্যমণ্ডিত বিদ্যালয়খনৰ ইতিহাস তথা স্মৃতি সোঁৱৰণ কৰি আৱেগিক হৈ পৰে আৰু অনুষ্ঠানটিৰ উত্তৰোত্তৰ কামনা কৰে। অনুষ্ঠানটিত বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত শৈক্ষিক বিষয়া স্মৃতি ৰেখা বৰা, বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য আব্দুছ চাত্তাৰ, আমিনুৰ ৰহমান, নৰেল হাফিজ, সমাজকৰ্মী ধৰ্মেন্দ্ৰ বৰদলৈ, বক্তাৰ হুছেইনকৰ লগতে ছাত্র ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী সকল উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/3928c1bf-731d-4f59-b236-6c613e3ba386/e1e028aa-9c15-4a34-bdfa-ef9266bee443.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/6df4581c-f09f-48c5-bf06-6dcfba7f70e7/e756a7c5-4b93-4fb4-bdaa-2d23ebca6273.jpg)
পি এম শ্ৰী, সমগ্ৰ শিক্ষা অসমৰ অধীনত জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৪,৩২,৭০০ টকা ব্যয়েৰে নিৰ্মাণ হবলগীয়া আটকধুনীয়া বিজ্ঞানগাৰ কোঠাটি আগন্তুক দুমাহৰ ভিতৰত সম্পূৰ্ণভাৱে নিৰ্মাণ কৰি ছাত্র-ছাত্ৰীৰ বাবে মুকলি কৰি দিয়া হব বুলি বিদ্যালয়ৰ তৰফৰ পৰা জানিবলৈ দিছে।
Also Read: চিলাপথাৰত চাৰিলেন যুক্ত পথ নিৰ্মাণত ব্যাপক অনিয়ম আৰু দুৰ্নীতিৰ অভিযোগ...