নগাঁৱত একেদিনাই ১৫ টাকৈ পথ নবীকৰণৰ আধাৰশিলা স্থাপন...

শণিবাৰে পুৱাৰ ভাগত নগাঁও চহৰৰ পাঁচটাকৈ পথৰ আধাৰশিলা স্থাপন কৰে স্থানীয় বিধায়ক ৰূপক শৰ্মাই

author-image
Asomiya Pratidin
New Update
নগাঁৱত একেদিনাই ১৫ টাকৈ পথ নবীকৰণৰ আধাৰশিলা স্থাপন...

পথ নবীকৰণৰ আধাৰশিলা স্থাপন

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও চহৰবাসীৰ যাতায়তৰ ক্ষেত্ৰত এক যুগান্তকাৰী উন্নয়ন সম্ভৱ কৰি তুলি শণিবাৰে পুৱাৰ ভাগত নগাঁও চহৰৰ পাঁচটাকৈ পথৰ আধাৰশিলা স্থাপন কৰে স্থানীয় বিধায়ক ৰূপক শৰ্মাই ৷ আধাৰশিলা স্থাপন কৰা এই পথকেইটা হৈছে ক্ৰমে আমোলাপট্টি প্ৰতাপ শৰ্মা পথ ০.৪৩৯ কিলোমিটাৰ , লেন্স নায়াক দহিৰাম বৰা সোঁৱৰণী আমোলাপট্টিৰ নৱৰূপ জাতীয় বিদ্যাপীঠ পথ ০.২১৭ কিলোমিটাৰ দৈঘ্যৰ পথ নিৰ্মাণ হ’ব।

Advertisment

লগতে ৰুদ্ৰৰাম বৰদলৈ পথ দক্ষিণ হয়ৱৰগাঁও ১.০৪৫ কিলোমিটাৰ, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা শেনচোৱা কুমাৰগাওঁ পথ ১.৮০ কিলোমিটাৰ , ৰামদুৰ্ল্লভ মজুমদাৰ পথ আমিনপট্টি ০.৪৬ কিলোমিটাৰ দৈঘ্যৰ পথ নিৰ্মাণ হ’ব ।এই আটাইকেইটা পথৰ সৰ্ব্বমুঠ দৈঘ্য প্ৰায় ১২.২৪৩ কিলোমিটাৰ পথৰ আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰে বিধায়কগৰাকীয়ে ৷

আধাৰশিলা স্থাপন কৰি বিধায়ক ৰূপক শৰ্মাই কয়- যাতায়তৰ ক্ষেত্ৰত আজি এক দীৰ্ঘদিনীয়া সমস্যাৰ পৰা নগাঁও চহৰবাসী উপকৃত হ'ব । নগাঁও চহৰবাসীয়ে বহুদিনৰ পৰা যাতায়তৰ ক্ষেত্ৰত এক সমস্যাত ভুগি আহিছিল । এতিয়াৰে পৰা যাতায়ত সুচল হোৱাৰ মানসেৰে এই কাম আৰম্ভ কৰা হৈছে ৷

গ্ৰামাঞ্চলৰ পথ সমূহৰ সমান্তৰালভাৱে চহৰ অঞ্চলৰো পথ সমূহ ক্ৰমান্বয়ে সুন্দৰ ৰূপত গঢ়ি তুলিবলৈ চেষ্টা অব্যাহত ৰখা হৈছে ৷ আনহাতে, নগাঁও সদৰ সমষ্টিৰ খাগৰিজান উন্নয়ন খণ্ডৰ অন্তৰ্গত টোকোলাই বেবেজীয়াৰ পৰা কুৰুৱাবাহী পথলৈ দৈঘ্য প্ৰায় ০.৯১ কিলোমিটাৰ পথ, পাখিমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত নগাঁও দক্ষিণপাট পথৰ পৰা ডাকৰঘাট ফেটাচুক হৈ ফেটাচুক নামঘৰ পথৰ প্ৰায় ০.৬৩৯ কিলোমিটাৰ , বৰক’লা গান্ধী বিদ্যাপীঠৰ পৰা লৌ মাটি পথাৰ পথৰ প্ৰায় ০.৭৭১ কিলোমিটাৰ পথটো নিৰ্মাণ কৰা হব ।

তুলসীমুখ মাধৱদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ননৈ দক্ষিণপাট পথৰ দৈঘ্য প্ৰায় ০.৭৭৪ কিলোমিটাৰ পথ, তুলসীমুখ ৰাঙলুমুখ পথৰ পৰা ২নং শুকতিপুতা পথৰ দৈঘ্য প্ৰায় ১.৪৮ কিলোমিটাৰ পথৰ আধাৰশিলা স্থাপন কৰে ।

ইয়াৰ উপৰিও বিধায়কগৰাকীয়ে ননৈ দক্ষিণপাট পথৰ পৰা পূৱ কুৰুৱাবাহী গাঁওৰ পথৰ দৈঘ্য প্ৰায় ০.৪৩৩ কিলোমিটাৰ পথ,ঘগৰীয়াল গাঁও ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা ঘগৰীয়াল গাঁও পথৰ দৈঘ্য প্ৰায় ০.৬৭ কিলোমিটাৰ পথ,বৰপাঠৰী এম ভি স্কুলৰ পৰা পশ্চিম জলাহ এছ চি গাঁও পথৰ দৈঘ্য প্ৰায় ১.৩৪৩ কিলোমিটাৰ পথ,দেওধৰ জলাহ পথৰ পৰা ৰণথলী ৰজাভেটি পথৰ দৈঘ্য প্ৰায় ০.৮৪ কিলোমিটাৰ পথ , দেওধৰ পঞ্চায়ত সংযোগী পথৰ দৈঘ্য প্ৰায় ০.৪২২ কিলোমিটাৰৰ এই পথচোৱা ২০২২-২৩ বৰ্ষৰ মুখ্যমন্ত্ৰীৰ পথ নবীকৰণ আচঁনিৰ অধীনত শনিবাৰে আধাৰশিলা স্থাপন কৰে।

লোকনিৰ্মাণ বিভাগৰ নগাঁৱৰ দ্বাৰা নিৰ্মাণ হব লগীয়া এই পথ সমূহ সম্পূৰ্ণ চি চি ব্লকৰে নিৰ্মাণ কৰা হ’ব । আহল-বহল কৈ নিৰ্মাণৰ পাছত সমগ্ৰ অঞ্চলটোৰ যাতায়তৰ ক্ষেত্ৰত সুচল হোৱাৰ লগতে দীৰ্ঘদিনৰ সমস্যাৰ অৱসান ঘটিব বুলি পথকেইটাৰ আধাৰশিলা স্থাপন কৰি বিধায়ক গৰাকীয়ে মন্তব্য কৰে।

এই আধাৰশিলা অনুষ্ঠানত নগাঁও লোক নিৰ্মাণ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা মৃনাল বৰা, সহকাৰী অভিযন্তা হেমন্ত গিৰী বৰা, অনুসূচীত জাতি উন্নয়ন বৰ্ডৰ অধ্যক্ষ নৰেন দাস, বিভাগীয় বিষয়া কৰ্মচাৰী সকলৰ ওপৰিও কাম আৱন্টন পোৱা ঠিকাদাৰ সকলৰ লগতে স্থানীয় ৰাইজ আৰু বিজেপি নেতা কৰ্মী সকল উপস্থিত থাকে ৷

আজিৰ আধাৰশিলা স্থাপন হোৱা এই আটাইকেইটা পথৰ সৰ্ব্বমুঠ দৈঘ্য প্ৰায় ১২.২৪৩ কিলোমিটাৰ ৷ এই পথচোৱাৰ বাবদ খৰচ হবলগীয়া ধনৰাশিৰ মূল্য প্ৰায় দহ কোটি টকা হব বুলি জানিব পৰা গৈছে ৷ ইফালে, নগাঁৱৰ শিৱনগৰস্থিত নৱৰূপ জাতীয় বিদ্যাপীঠ পথটোৰ আধাৰশিলা অনুষ্ঠানৰ প্ৰাৰম্ভতে বিধায়ক ৰূপক শৰ্মাক বিদ্যালয় খনৰ লগতে শিৱনগৰবাসী আৰু নগাঁও পৌৰসভাৰ উপ-পৌৰপতি সীমান্ত কুমাৰ বৰাই উষ্ম আদৰণি জনায়।

Also Read: দুদিনৰ বাবে বন্ধ থাকিব কাজিৰঙাৰ ছাফাৰি সেৱা..

#RUPAKSARMA