'কল্লোল'ৰ প্ৰতিষ্ঠা দিৱসত ড° লক্ষ্মীনন্দন বৰা শ্ৰদ্ধাঞ্জলি বক্তৃতানুষ্ঠান

নগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগত “অসমীয়া চুটিগল্পত গ্ৰাম্য জীৱনৰ প্ৰতিফলন “ শীৰ্ষক বক্তৃতানুষ্ঠান
'কল্লোল'ৰ প্ৰতিষ্ঠা দিৱসত ড° লক্ষ্মীনন্দন বৰা শ্ৰদ্ধাঞ্জলি বক্তৃতানুষ্ঠান

ডিজিটেল সংবাদ,নগাঁও : মধ্য অসমৰ সামাজিক,সাংস্কৃতিক,বৌদ্ধিক সংগঠন 'কল্লোলে' ৫০ বৰ্ষ অতিক্ৰম কৰাৰ উপলক্ষে সংগঠনটিয়ে অব্যাহত ৰাখিছে বৰ্ষজোৰা কাৰ্যসূচী ৷ সেৱা আৰু সাধনাৰ ৫০টিবৰ্ষ সম্পূৰ্ণ কৰা কল্লোলৰ প্ৰতিষ্ঠা দিৱসটি বৃহস্পতিবাৰে উদযাপন কৰা হয় ৷

পুৱা পতাকা উত্তোলন কৰে কল্লোলৰ সভাপতি লুহিত কলিতাই ৷ ইয়াৰ পিছতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি অনুষ্ঠিত হয় ৷

প্ৰতিষ্ঠা দিৱসৰ দিনটিতে কল্লোলে অনুষ্ঠিত কৰে এক বক্তৃতানুষ্ঠান ৷ কল্লোলৰ উদ্যোগত আৰু নগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগত “অসমীয়া চুটিগল্পত গ্ৰাম্য জীৱনৰ প্ৰতিফলন “ শীৰ্ষক বক্তৃতানুষ্ঠানটি বিয়লি ২বজাৰ পৰা আৰম্ভ হয় ৷

বিশিষ্ট সাহিত্যিক ড° লক্ষ্মীনন্দন বৰা শ্ৰদ্ধাঞ্জলি বক্তৃতানুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাহিত্যিক প্ৰদীপ আচাৰ্য ৷ নগাঁও মহাবিদ্যালয়ৰ লক্ষ্মীনাথ বেজবৰুৱা ভৱনত অনুষ্ঠিত বক্তৃতানুষ্ঠানটিৰ আঁত ধৰে নৌচাদ আখটাৰ হাজৰিকাই ৷

শিবানন্দ কাকতীয়ে আঁত ধৰা অনুষ্ঠানটিত ড° লক্ষ্মীনন্দন বৰা শ্ৰদ্ধাঞ্জলী ভাষণ আগবঢ়াই ড° ৰূপাঞ্জলি দেৱীয়ে ৷ বিষয় বস্তু উপস্থাপন কৰে বিশিষ্ট সাহিত্য সমালোচক প্ৰভাত বৰাই ৷

'কল্লোল'ৰ প্ৰতিষ্ঠা দিৱসত ড° লক্ষ্মীনন্দন বৰা শ্ৰদ্ধাঞ্জলি বক্তৃতানুষ্ঠান
গুৱাহাটীৰ পথ, উপ-পথ খান্দি মৰণফান্দ সৃষ্টি কৰিছে চৰকাৰে : আম আদমি পাৰ্টী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in