গৰু বিহু দিনাই আদৰ্শ কৃষকৰ গোহালি উদং কৰিলে চোৰেঃ লৈ গ'ল চাৰিটাকৈ গৰু

গৰু বিহুৰ দিনাই নগাঁৱৰ কুজীডাহ উলুৱাৰীৰ এটা পৰিয়াললৈ নামি আহিছে অমানিশা।বিহুৰ আনন্দ উল্লাসৰ মাজতে নিশা গোহালি উদং কৰিলে গৰুচোৰে। লৈ গ'ল চাৰিটাকৈ গৰু।

author-image
Tushar Pratim
New Update
গৰু বিহু দিনাই আদৰ্শ কৃষকৰ গোহালি উদং কৰিলে চোৰেঃ লৈ গ'ল চাৰিটাকৈ গৰু

ডিজিটেল সংবাদ, বেবেজীয়াঃ গৰু বিহুৰ দিনাই নগাঁৱৰ কুজীডাহ উলুৱাৰীৰ এটা পৰিয়াললৈ নামি আহিছে অমানিশা।বিহুৰ আনন্দ উল্লাসৰ মাজতে নিশা গোহালি উদং কৰিলে গৰুচোৰে।

Advertisment

জাজৰি আৰক্ষী থানাৰ এলেকাধীন কুঁজীডাহ উলুবাৰীৰ আদৰ্শ কৃষক গোলাপ মহন্তৰ দুই লক্ষাধিক টকা মূল্যৰ দুজনীকৈ গাই গৰু আৰু দুটা দমৰা চোৰে চুৰি কৰি লৈ যায়।পৰিয়ালটোৰ উপাৰ্জনৰ সম্বল গৰুকেইটা চুৰি কৰি লৈ যোৱাত এতিয়া পৰিয়ালটোৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

উল্লেখ্য যে,জাজৰি আৰক্ষী থানাৰ এলেকাধীন হাতীচোং কুঁজীডাহ অঞ্চলত বিগত সময়ত গৰুচুৰিৰ ঘটনাই ত্ৰাসৰ সৃষ্টি কৰিছে যদিও জাজৰি আৰক্ষীয়ে কোনো গৰুচোৰকে কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই। গৰু চোৰৰ উপদ্ৰৱ বৃদ্ধি পাইছে যদিও অঞ্চলটোত জাজৰি আৰক্ষীয়ে নিশা কোনোধৰণৰ পেট্ৰ'লিঙৰ ব্যৱস্থা এই পৰ্যন্ত নকৰাৰো অভিযোগ তুলিছে ৰাইজে।

বেবেজীয়া গৰু চোৰ গৰু বিহু