অগপৰ প্ৰাক্তন নেত্ৰী সুৱৰ্ণ বৰাৰ মৃত্যু..

জ্যেষ্ঠ অগপ নেতা তথা প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাৰ শোক প্ৰকাশ

author-image
Asomiya Pratidin
New Update
অগপৰ প্ৰাক্তন নেত্ৰী সুৱৰ্ণ বৰাৰ মৃত্যু..

অগপৰ প্ৰাক্তন নেত্ৰী সুৱৰ্ণ বৰাৰ মৃত্যু..

ডিজিটেল সংবাদ বেবেজীযাঃ নগাঁও চহৰৰ হয়বৰগাঁও নিবাসী, বিশিষ্ট সমাজ কৰ্মী,অগপ নেত্ৰী সুৱৰ্ণ বৰাৰ (৮৫) আজি বিয়লি বাৰ্ধক্যজনিত কাৰণত নিজা বাসভৱনত মৃত্যু হয়। বিভিন্ন সামাজিক -সাংস্কৃতিক কাম কাজৰ লগত জড়িত মহিলাগৰাকী এসময়ত অগপৰ নগাঁও নগৰ সমিতিৰ সভানেত্ৰী আছিল।

Advertisment

অসম আন্দোলনৰ লগত সক্ৰিয়ভাবে জড়িত সৰবৰহী মহিলাগৰাকীৰ মৃত্যুত নগাঁৱত শোকৰ ছাঁ পৰিছে। জ্যেষ্ঠ অগপ নেতা তথা প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাই সুৱৰ্ণ বৰাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি কয় যে, সুৱৰ্ণ বৰা অগপৰ এগৰাকী নিষ্ঠাবান কৰ্মী আছিল। তেওঁ সদায় আঞ্চলিকতাবাদৰ হকে কাম কৰি গৈছিল। তেওঁৰ মৃত্যু অগপৰ বাবে এক অপূৰণীয় ক্ষতি বুলিও বৰুৱাই মন্তব্য কৰে।

স্থানীয় বিভিন্ন অনুষ্ঠান আদিয়ে মহিলাগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত তেওঁ সাংস্কৃতিক কৰ্মী তথা অভিনেতা পুত্ৰ পাৰ্থ প্ৰতীম বৰা,দুই কন্যাসহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ গৈছে।

Also Read: যুৱতীক প্ৰৱঞ্চনা কৰি ৰঙাঘৰৰ আলহী আৰক্ষী কনিষ্টবল...

অসম গণ পৰিষদ বেবজীয়া