/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/9f77949d-763b-4944-96e8-a4ef17e3ed21/NACC.jpg)
'নাক'ৰ দল
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যাৰ্পণ পৰিষদ চমুকৈ 'নাক' ৰ তিনি জনীয়া এটা দলে সোমবাৰে প্ৰথম বাৰৰ বাবে প্ৰতিষ্ঠিত বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয় পৰিদৰ্শন কৰিবলৈ উপস্থিত হয়। পৰিদৰ্শনকাৰী দলটোক মহাবিদ্যালয়ৰ প্ৰবেশদ্বাৰত গায়ন বায়নৰ দ্বাৰা উষ্ণ আদৰণি জনোৱা হয়।
প্ৰফেচাৰ জগদীশ কুমাৰ পাটনায়ক, প্ৰফেচাৰ চি মধুমত, ড০ মহাদেৱশ্বামী এন এই তিনিজনীয়া পৰিদৰ্শনকাৰী দলটো মহাবিদ্যালয়ত উপস্থিত হোৱাৰ পিছত অধ্যক্ষ দেৱজিৎ মহন্তই মহাবিদ্যালয়ৰ অতীত বৰ্তমান আৰু ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে বৰ্ণনা কৰে। পৰৱৰ্তী সময়ত মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ মূৰব্বী সকলৰ দ্বাৰা মত বিনিময় কৰি কাৰ্যালয়, আই কিউ এ চিৰ পৰিদৰ্শন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/06a3f1bc-1a15-4cc7-9103-8f5462ae5246/85bc2f8e_b277_4cc5_b435_b10025450a7d.jpg)
পাছত মহাবিদ্যালয় লাইব্ৰেৰী পৰিদৰ্শন কৰাৰ অন্তত ছাত্ৰ ছাত্ৰী, প্ৰাক্তন শিক্ষাৰ্থী আৰু অভিভাৱকৰ লগত মত বিনিময় কৰে নাকৰ দলটোৱে। নাকৰ পীৰ (NAAC PEER)দলৰ পৰিদৰ্শনৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ত বিয়লি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। সাস্কৃতিক অনুষ্ঠানত ছাত্ৰ ছাত্ৰীৰ দ্বাৰা বৰগীত, সত্রীয়া নৃত্য, জিকিৰ, তিৱা নৃত্য, বিহু, ৰাস নৃত্য আদি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয়।
উল্লেখযোগ্য যে, নগাঁও জিলাৰ বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়খন ২০১৩ চনত চৰকাৰীকৰণ হয় যদিও নাকৰ পৰিদৰ্শন হোৱা নাছিল। ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰা মহাবিদ্যালয় খনত আজি প্ৰথম বাৰৰ বাবে নাকৰ দল উপস্থিত হৈ পৰিদৰ্শন কৰি যোৱাৰ পিছতেই গ্ৰামাঞ্চলত স্থাপন হোৱা অঞ্চলটোৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান খনে বিশেষ গুৰুত্ব লাভ কৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে ।
Also Read: নগাঁও জিলাৰ কচুৱাত আবিৰ্ভাৱ হৈছে এজন স্বয়ম্ভু চিকিৎসকৰ...