/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/56ac2b3b-9151-4abd-8df3-4cf818107f4c/NMC06.jpg)
কৃত্ৰিম বানত নগাঁও মেডিকেল কলেজ : দেখা দিছে বিদ্যুতৰ সমস্যাই...
ডিজিটেল সংবাদ নগাঁও: পানীত ডুবি আছে নগাঁও চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়খন ৷ সু-পৰিকল্পনাৰ অভাবৰ হেতু এজাক বৰষুণতে কৃত্ৰিম বানত ডুব যায় নগাঁৱৰ চিকিৎসা মহাবিদ্যালয়খনি ৷
বৃহস্পতিবাৰৰ নিশাৰ পৰা আহি থকা বৰষুণৰ বাবে চিকিৎসা মহাবিদ্যালয়খনৰ চৌহদত একাঠু পানী হয় ৷ এই কৃত্ৰিম বানৰ বাবে সমস্যাৰ সৃষ্টি হৈছে চিকিৎসালয়খনত ৷
চিকিৎসালয়খনলৈ অহা ৰোগীৰ কৃত্ৰিম বানৰ বাবে চিকিৎসা সেৱা গ্ৰহণত সমস্যাৰ সৃষ্টি হৈছে ৷ একাংশ ৰোগীয়ে বাটৰ পৰা ঘূৰিব লগা হৈছে ঘৰলৈ ৷
জানিব পৰা মতে চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত জমা হোৱা পানী বাহিৰলৈ ওলাই যাবলৈ কোনো ব্যৱস্হা নথকাত জলমগ্ন হৈছে ৷ বিশেষকৈ নলা নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰ প্ৰতিস্হানে কাম কৰাত হেমাহি কৰাৰ বাবে সমস্যাৰ সৃষ্টি হৈছে ৷
ঠিকাদাৰ প্ৰতিস্হানে নিজে কাম নকৰি উপ-ঠিকাদাৰৰ দ্বাৰা কাম কৰোৱাত নলা নিৰ্মাণত বিলম্ব হৈছে ৷ কৃত্ৰিম বানৰ কবলত চিকিৎসা মহাবিদ্যালয়খনি পৰাৰ পিছত চিকিৎসালয়খনিত বিদ্যুতৰ সমস্যায়ো দেখা দিছে ৷
বিদ্যুতৰ সমস্যা যদি দীঘলীয়া সময়ৰ বাবে হয় তেতিয়াহ’লে নবজাতক শিশু ৰখা আই চি ইউত হাহাকাৰ সমস্যাৰ সৃষ্টি হ'ব ৷ ইফালে চিকিৎসা মহাবিদ্যালয়খনি জলমগ্নহোৱাৰ পিছত ৰহস্যজনক স্হিতি গ্ৰহণ কৰিছে প্ৰতিস্হানটিৰ প্ৰশাসনে ৷ সমগ্ৰ বিষয়টোৰ পৰা গা এৰা দিব বিছাৰিছে অধ্যক্ষৰ লগতে মহাবিদ্যালয়ৰে জড়িত পৰিচালনা সমিতিয়ে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/8041df4b-0eae-4e23-8e21-cf0fb56333ae/11fd721f_09c1_4cf2_965d_88208da5924d.jpg)
Also Read: বানপানীৰ মাজতে আন এক বেয়া খবৰঃ ৯ অক্টোবৰলৈ অব্যাহত থাকিব বৰষুণ...