কামপুৰৰ বিদ্যালয়ত অগ্নিকাণ্ড...

বিৰিণাত লগোৱা জুই বিয়পি বিদ্যালয়খন ভস্মিভূত...

author-image
Asomiya Pratidin
New Update
কামপুৰৰ বিদ্যালয়ত অগ্নিকাণ্ড...

কামপুৰৰ বিদ্যালয়ত অগ্নিকাণ্ড...

ডিজিটেল সংবাদ কামপুৰ: নগাঁও জিলাৰ কঠীয়াতলী শিক্ষা খণ্ডৰ অন্তৰ্গত পূৱ খালৈভঙা কছাৰীখন্দা গাঁৱত অৱস্থিত শ্ৰীমন্ত শংকৰ মাধৱ মধ্য ইংৰাজী বিদ্যালয়ত আজি বিয়লি এক অগ্নিকাণ্ড সংঘটিত হয় । পথাৰৰ বিৰিণাত কোনো লোকে লগোৱা জুই বিয়পি গৈ বিদ্যালয়খনৰ বাসগৃহত লগাৰ ফলতে বিদ্যালয়খন ভস্মীভূত হয়।

উল্লেখ্য যে, উক্ত বিদ্যালয়খন আন বিদ্যালয়ৰ লগত সংলগ্ন হোৱাত বিদ্যালয়ত গুৰুত্বপূৰ্ণ নথি পত্ৰ নাছিল যদিও কিছু নথি ভস্মীভূত হোৱাৰ লগতে বাসগৃহ আৰু ডেক্স-বেঞ্চ ভস্মীভূত হয় ।

Also Read: কংগ্ৰেছত থাকিয়েই বিজেপি প্ৰাৰ্থীক সমৰ্থন কৰিব মঙলদৈৰ বিধায়ক বসন্ত দাসে...

কামপুৰ