/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/2c95a0bd-fe9d-4265-956d-e018388363c8/fire.jpg)
ডিজিটেল সংবাদ, নগাঁও: নগাঁও চহৰৰ সমীপৱৰ্তী ডিমৰুগুৰিৰ ভোটাইআটিত এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। জনবসতি পূৰ্ণ এলেকাটোত অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে অঞ্চলটোত হাহাকাৰ সদৃশ পৰিৱেশৰ সৃষ্টি হয়।
স্থানীয় সূত্ৰই জনোৱা মতে, ভোটাইআটিৰ এটা কাপোৰৰ কাৰখানাত সংঘটিত হয় এই অগ্নিকাণ্ড। লগে লগে কাৰখানাটোৰ কাষত থকা আবাসীসকলৰ মাজত আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। অগ্নিকাণ্ডৰ ফলত কাৰখানাটোৰ প্ৰায় ২৫লাখ টকাৰ কাপোৰৰ সামগ্ৰীৰ নষ্ট হয় বুলি জানিব পৰা গৈছে।
অগ্নিকাণ্ডৰ বিষয়ে স্থানীয় আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু বহু চেষ্টাৰ অন্তত অগ্নিনিৰ্বাপন কৰিবলৈ সক্ষম হয়। কি পৰিস্থিতিত আৰু কেনেকৈ কাৰখানাটোত জুই লাগিল সেয়া জানিব পৰা হোৱা নাই।
Also Read: শুকুৰ আলি !