হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান

author-image
Asomiya Pratidin
New Update
হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ অগ্ৰনী শিক্ষানুষ্ঠান ৰামপুৰ ছলাপথাৰ জাতীয় বিদ্যালয়(চিনিয়ৰ ছেকেণ্ডাৰী স্কুল)ৰ উদ্যোগত বুধবাৰে ২০২৩-২৪ বৰ্ষৰ অসম হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা কৃতী মান ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠানটি অনুষ্ঠিত হয়। বিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত সভাপতিত্ব কৰে ৰামপুৰ ছলাপথাৰ জাতীয় বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হবিবুৰ ৰহমানে।

Advertisment

বিদ্যালয়খনৰ অধ্যক্ষ ছফিকুল ইছলামে আঁত ধৰা অনুষ্ঠানটিত বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱৰ মহাবিদ্যালয়ৰ অধ্যাপক ড০ ত্ৰিদিৱ কুমাৰ গোস্বামীেয়ে মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰি "গাৱঁৰ উন্নতি হলেই দেশ আগুৱাই যাব। একাদশ, দ্বাদশ শ্ৰেণীৰ সময়খিনি জীৱনৰ উচ্চ সময় (high time of life)।

এই সময়ত পিতৃ মাতৃৰ তত্বাৱধানত লৰা ছোৱালী আগবঢ়ি যোৱা ভাল।" বুলি কোৱাৰ লগতে "আমাৰ লৰাছোৱালী গাঁৱত পঢি গাঁৱৰ নাম উজ্বলায় তোলক।" বুলি ভাষন প্ৰদান কৰে। অধ্যাপক নজৰুল ইছলাম, ধৰ্মীয় গুৰু আনোৱাৰুল হক চৌধুৰী, নজৰুল ইছলাম, ডা০ মজিবুৰ ৰহমান, ৰামপুৰ ছলাপথাৰ জাতীয় বিদ্যালয় পৰিচালনা সমিতিৰ সম্পাদক নুৰ জামাল আনচাৰিয়ে ভাষন প্ৰদান কৰা অনুষ্ঠানটিত কৃতী মান ছাত্ৰ ছাত্ৰী সকলক গামোচা, জাপি আৰু সম্বৰ্ধনা পত্রৰে সম্বৰ্ধনা জনোৱা হয়।

অনুষ্ঠানটিত অতিথি বৃন্দ, ছাত্ৰ ছাত্ৰী, অভিভাৱক-আভিভাবিকা সহ সহস্ৰাধিক লোক উপস্থিত থাকে। উল্লেখ্য যে, ৰামপুৰ ছলাপথাৰ জাতীয় বিদ্যালয়ৰ পৰা ২০২৩-২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ মোদ্দাচিৰ আলম, সাগৰ দত্ত, জেবিন চুলতানা নামৰ তিনিজন ডিষ্টিংচন, ৯ জন ষ্টাৰ, ৪০ জন প্ৰথম বিভাগত আৰু ৯ গৰাকী দ্বিতীয় বিভাগ লাভ কৰি ১০০ শতাংশ উৰ্ত্তীণ হয়।

Also Read: ধুবুৰীত ফ্লাইং স্কোৱাডৰ অভিযানত জব্দ ২,৫০,০০০ টকা