/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/dc402762-57cc-463c-b072-5008bab7975f/dsffdfd.jpg)
ডিজিটেল ডেস্কঃ দেশত এতিয়া নিৰ্বাচনী বতাহ। এই সময়চোৱাত দেশৰ বিভিন্ন স্থানৰ পৰা ফ্লাইং স্কোৱাডে জব্দ কৰিছে বৃহত পৰিমাণৰ ধন।
ইয়াৰ মাজতে ধুবুৰীৰ ছাগলীয়াত ফ্লাইং স্কোৱাডৰ অভিযানত জব্দ হয় ২৫০০০০ (আঢ়ৈ লাখ ) টকা । প্ৰসেনজিৎ চক্ৰৱৰ্তী নামৰ লোক এজনৰ পৰা জব্দ টকাখিনি ।
চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ পৰা WB-64V/7784 নম্বৰৰ চাৰিচকীয়া বাহন এখনেৰে ধুবুৰী অভিমুখে গৈ থকা অৱস্থাত ছাগলীয়াত ফ্লাইং স্কোৱাডৰ দল আৰু আৰক্ষীৰ যৌথ অভিযানত জব্দ কৰা হয় টকাখিনি । প্ৰসেনজিৎ চক্ৰৱৰ্তী নামৰ লোক জনৰ ঘৰ চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ কোচবিহাৰৰ ২ নং ওৱাৰ্ডত বুলি জানিব পৰা গৈছে ।
ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত। উল্লেখ্য যে, অসমৰ ৫ খন সমষ্টিত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব ২৬ এপ্ৰিলত।
Also Read: শিৱসাগৰত ট্ৰেলাৰৰ পৰা বাগৰি পৰিল বৃহৎ লোহা