নগাঁও গুৰুকুল গ্লবেল একাডেমীত কৃৰ্তি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান...

নগাঁও গুৰুকুল গ্লবেল একাডেমীত কৃৰ্তি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান...

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও চহৰস্থ গুৰুকুল গ্লবেল একাডেমীত আজি কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। শিক্ষানুষ্ঠানখনৰ পৰা চলিত বৰ্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়। এই উপলক্ষে অনুষ্ঠিত সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰা হয়।

অনুস্কা শইকীয়াৰ বৰগীতেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। সভাত একাডেমীৰ অধ্যক্ষ তথা সঞ্চালক অৰূপ কুমাৰ নাগে আদৰণি ভাষণ প্ৰদান কৰি একাডেমীখনৰ বিষয়ে এক পৰ্যালোচনা আগবঢ়াই। তেওঁ লগতে কয় যে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ নিষ্ঠা আৰু দায়িত্ববোধৰ বাবেই ছাত্ৰ-ছাত্ৰীসকল নিজৰ লক্ষ্যত আগবাঢ়ি যাবলৈ সক্ষম হৈছে ।

সভাত একাডেমীৰ পৰিচালনা সমিতিৰ সভাপতি ড:গিৰিকান্ত গোস্বামী ,শিক্ষাবিদ ড: সঞ্জীৱ কুমাৰ বৰকাকতি , নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড:কুলেন চন্দ্ৰ দাস ,প্ৰাক্তন অধ্যক্ষ ড:বলীন চন্দ্ৰ ভূঞা, সাহিত্যিক পৰাণ কুমাৰ বৰুৱা ,লংকা মহাবিদ্যালয়ৰ অধ্যক্ষ ড:ফটিক তামুলী আদিয়ে নিজৰ নিজৰ চমু ভাষণত শিক্ষাৰ ক্ষেত্ৰত নগাঁৱৰ গুৰুকুল একাডেমীয়ে লোৱা পদক্ষেপৰ শলাগ লয়।

প্ৰতিগৰাকী বক্তাই ছাত্ৰ-ছাত্ৰীক বিভিন্ন উপদেশমূলক পৰামৰ্শৰ প্ৰদান কৰি বৰ্তমানৰ প্ৰযুক্তিৰ যুগত প্ৰতিযোগীতাৰ মনোভাৱেৰে অধ্যয়য়নত ব্ৰতী হবলৈ আহ্বান জনায়। উদীয়মান লেখক প্ৰাঞ্জল মহন্তই আঁতধৰা সভাত একাডেমীৰ সহ :সঞ্চালক অভিতাভ বৰা , শ্বেতমাধৱ মহন্ত ,মানবেন্দ্ৰ শৰ্মা কৌশিকে অভ্যাগত সকলক আদৰণি জনায়।

সভাত শলগুৰি সত্ৰৰ নামাচাৰ্য উপেন চন্দ্ৰ মহন্ত , লেখিকা ৰত্না বৰা ,অধিবক্তা প্ৰদীপ কাহাৰ , সাংবাদিক কনক হাজৰিকা আৰু চন্দনজ্যোতি বৰাকে ধৰি কেইবাগৰাকী বিশিষ্ট লোকে অংশগ্ৰহণ কৰে। সভাতে শিক্ষানুষ্ঠানখনৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা আৰু বিজ্ঞান শাখাত কৃতিত্বৰে উৰ্ত্তীৰ্ণ হোৱা ছাত্র-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়।

ইয়াৰ ভিতৰত বিজ্ঞান শাখাৰ মনময়ুৰী গায়ন(৯৪শতাংশ) ,মেহফুজা আফ্ৰিন চৌধুৰী (৯২ শতাংশ) ,বৰ্নিকা প্ৰিয়ানী বৰা (৯১.২শতাংশ) ,কস্তূৰী কাশ্যপ (৯০.৬ শতাংশ ) অন্যতম। তদুপৰি মনময়ুৰী গায়নে শিক্ষানুষ্ঠানখনৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ বাবে প্ৰয়াত নাৰায়ন চন্দ্ৰ লোধ সোৱৰণী শ্ৰেষ্ঠ শিক্ষাৰ্থী বঁটা প্ৰদান কৰা হয়।

বঁটাৰ লগতে মানপত্ৰ ,স্মাৰক নগদ ধন প্ৰদান কৰা হয়। এই বঁটা প্ৰতিবছৰে প্ৰদান কৰা হ'ব বুলি শিক্ষানুষ্ঠানখনৰ পৰিচালনা সমিতিৰ সদস্যা লিপিকা লোধে জানিবলৈ দিয়ে। শিক্ষানুষ্ঠানখনৰ বিজ্ঞান আৰু কলাশাখা উভয়তে উৰ্ত্তীৰ্ণৰ হাৰ এশ শতাংশ। বিজ্ঞান শাখাত প্ৰথম বিভাগত ১৩৮ গৰাকী , দ্বিতীয় বিভাগত ২০গৰাকী উৰ্ত্তীৰ্ণ হয়। ইয়াৰ ভিতৰত ২০গৰাকীয়ে ডিষ্টিংচন আৰু ৬১গৰাকীয়ে ষ্টাৰমাৰ্ক লাভ কৰে। কলাশাখাত প্ৰথম বিভাগত ১২গৰাকী, দ্বিতীয় বিভাগত ১০গৰাকী তৃতীয় বিভাগত ৪গৰাকী উৰ্ত্তীৰ্ণ হয়। ইয়াৰ ভিতৰত এজনে ডিষ্টিংচন ,তিনি গৰাকীয়ে ষ্টাৰমাৰ্ক লাভ কৰে।

নগাঁও গুৰুকুল গ্লবেল একাডেমীত কৃৰ্তি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান...
মুখ্যমন্ত্ৰীয়ে নিৰ্বাচন আয়োগক ব্যৱহাৰ কৰি সংবিধানৰ নিয়ম ভংগ কৰি ধুবুৰীৰবাসীক অন্যায়-অবিচাৰ কৰিছেঃ ৰকিবুল হুছেইন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in