
ডিজিটেল সংবাদ, নগাঁও: নগাঁৱৰ জ্যেষ্ঠ অধিবক্তা মহেশ চন্দ্ৰ দাসলৈ ৰাজহুৱা সম্বৰ্ধনা ৷ নগাঁও উকিল সন্থাই শনিবাৰে উকিল সন্থাৰ কাৰ্যালয়ত জনাই এই সম্বৰ্ধনা ৷ সুদীৰ্ঘ ৫০ বছৰ কৰ্মময় জীৱন আৰু দৃঢ়তাৰে ওকালতিৰ গৌৰৱোজ্জল ৫০ বছৰ পূৰ্ণ কৰাৰ বাবে নগাঁও উকিল সন্থাই জ্যেষ্ঠ অধিবক্তাজনক ৰাজহুৱাভাৱে সন্মানিত কৰে৷
নগাঁও উকিল সন্থাৰ মূল ভৱনত অনুষ্ঠিত সম্বৰ্ধনা সভাখনৰ আঁত ধৰে অজিত কুমাৰ বৰাই৷ উকিল সন্থাৰ সভাপতি আবুল হুছেইন খন্দকাৰে পৌৰহিত্য কৰা সভাখনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অজিত বৰঠাকুৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে৷ ওকালতিৰ লগতে সাংস্কৃতিক ক্ষেত্ৰত আগৰনুৱা মহেশ চন্দ্ৰ দাস সামাজিক আৰু ৰাজনৈতিক দিশটো জড়িত আছিল৷ জাতী প্ৰেমেৰে উদ্বুদ্ধ জ্যেষ্ঠ অধিবক্তা দাসক গামোচা, চেলেঙ, জাপি, স্মাৰক, শৰাই, মানপত্ৰ, ফুলৰ থোপা আদিৰে সন্মানিত কৰা হয়৷
সভাখনত জ্যেষ্ঠ অধিবক্তা দেবব্ৰত শৰ্মাই মহেশ চন্দ্ৰ দাসৰ কৰ্মময় জীৱনৰ ওপৰত আলোকপাট কৰে ৷ সভাত উপস্থিত মুখ্য অতিথি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অজিত বৰঠাকুৰে ঐতিহ্যমণ্ডিত নগাঁও উকিল সন্থাৰ গৌৰৱোজ্জল ইতিহাসক উল্লেখ কৰি অধিবক্তা মহেশ চন্দ্ৰ নাথৰ ৫০ বছৰীয়া ওকালতিৰ বৰ্ণিল পৰিক্ৰমাক প্ৰশংসা কৰে৷