কামপুৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ কৃৰ্তী শিক্ষাৰ্থীক সম্বৰ্ধনা...

কামপুৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ কৃৰ্তী শিক্ষাৰ্থীক সম্বৰ্ধনা...

author-image
Asomiya Pratidin
New Update
কামপুৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ কৃৰ্তী শিক্ষাৰ্থীক সম্বৰ্ধনা...

ডিজিটেল সংবাদ, কামপুৰঃ নগাঁও জিলাৰ কামপুৰৰ গাৰোখুন্দাস্থিত পূৱ গৰুবাট হৰিটেৰণ উচ্চ মাধ্যমিক বিদ্যালয়ত মঙলবাৰে এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হৈ যায় । সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত এশ শতাংশ উত্তীৰ্ণৰ হাৰেৰে কপিলীৰ পাৰত সুনাম অৰ্জন কৰা বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি নোমল চন্দ্ৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা কৃৰ্তী শিক্ষাৰ্থীসকলক বিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় ।

Advertisment

শিক্ষক টুলুমনি বৰা আৰু অঞ্জন কুমাৰ বৰাই আঁত ধৰা সভাখনত সমূহ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বগাধৰ বৰা, অৱসৰপ্ৰাপ্ত শিক্ষক মোহন শইকীয়া প্ৰমুখ্যে সমূহ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ উপস্থিতিত এই সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

কৃৰ্তী শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জ্ঞাপন কৰি প্ৰধান শিক্ষক নন্দেশ্বৰ বৰুৱাই ভাষণ প্ৰসংগত ছাত্র-ছাত্ৰীসকলক উদ্দেশ্যি কয় যে দৃঢ় মনোবল আৰু কঠোৰ একাগ্ৰতাৰে পথৰ বাধা নেওচি সফলতাৰ চূড়ান্ত শিখৰত উপনীত হ'ব পাৰি। পৰিচালনা সমিতিৰ সভাপতিগৰাকীয়ে ছাত্র-ছাত্ৰীসকলক শুভেচ্ছা জনাই পিতৃ মাতৃ তথা শিক্ষাগুৰুৰ সপোনবোৰ যাতে বাস্তৱায়িত হয় তাৰ বাবে বদ্ধপৰিকৰ হ'বলৈ আহ্বান জনায় ।

Also Read: লক্ষ্ণৌ-মুম্বাই ইণ্ডিয়ানছৰ মেচৰ পূৰ্বে ৰাম মন্দিৰত আকাশ আম্বানিৰ প্ৰাৰ্থনা...

HSLCresult kampur