Advertisment

কলিয়াবৰত AJYCP ৰ কেন্দ্ৰীয় লাচিত দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি...

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্রীয় সমিতিৰ সৌজন্যত কলিয়াবৰ জিলা সমিতিৰ উদ্যোগত অহা ২৪ আৰু ২৫ নৱেম্বৰত ইয়াৰ কুঁৱৰীটোলত কেন্দ্ৰীয় ভাৱে বৰ্ণাঢ্য কাৰ্যসূচীৰে  লাচিত দিৱস উদযাপনৰ দিহা কৰা বুলি জানিব পৰা গৈছে।

author-image
Asomiya Pratidin
New Update
লাচিত দিৱস

ডিজিটেল সংবাদ,কলিয়াবৰঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্রীয় সমিতিৰ সৌজন্যত কলিয়াবৰ জিলা সমিতিৰ উদ্যোগত অহা ২৪ আৰু ২৫ নৱেম্বৰত ইয়াৰ কুঁৱৰীটোলত কেন্দ্ৰীয় ভাৱে বৰ্ণাঢ্য কাৰ্যসূচীৰে  লাচিত দিৱস উদযাপনৰ দিহা কৰা বুলি জানিব পৰা গৈছে। প্ৰথম দিনা পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব পৰিষদৰ কেন্দ্রীয় সভাপতি পলাশ চাংমাইয়ে।

Advertisment

ছহিদ তৰ্পণ কাৰ্যসূচী মুকলি কৰিব কেন্দ্রীয় সমিতিৰ সাধাৰণ সম্পাদক 
ৰাতুল বৰ গোঁহায়ে। ইয়াৰ পাছতে লাচিতৰ প্ৰতিচ্ছবিত মাল্যার্পণ কৰিব ক্ৰমে কমল ভড়ালী, পুলক বৰা, হেমেন চক্রবর্তী, আৰু ৰঞ্জিত চাংমায়ে।পুৱা ১০-৩০ বজাত সমন্বয়ৰ সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে।

অনুষ্ঠানত অংশ ল'ব বিশিষ্ট অভিনেত্রী ভ্রান্তি মেধীয়ে। বিয়লি এক বজাৰ পৰা অনুষ্ঠিত হ'ব লগা মুকলি সভা উদ্বোধন কৰিব পৰিষদৰ কেন্দ্রীয় সমিতিৰ মুখ্য উপদেষ্টা ৰাণা প্রতাপ বৰুৱাই। পৰিষদৰ দৃষ্টি ভঙ্গী ব্যাখ্যা কৰিব কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাতুল বৰগোঁহায়ে।

স্মৃতি গ্রন্থ উন্মোচন কৰিব বিশিষ্ট সমাজসেৱক গুণীন হাজৰিকাই, মুখ্য অতিথি ৰূপে ভাষণ দিব প্ৰাক্তন সাধাৰণ সম্পাদক অদীপ কুমাৰ ফুকনে।
নিৰ্দিষ্ট বক্তাৰ ভাষণ দিব চামগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ইন্দ্রজিৎ বেজবৰুৱাই, সম্মানীয় অতিথি হিচাপে অংশ ল'ব বিশিষ্ট গৱেষক, ইতিহাসবিদ ড° মাধুৰ্য্য মণ্ডিত বৰুৱাই।

সন্ধ্যা ৬ বজাত বন্তি প্রজ্জ্বলন কৰিব কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা প্ৰদীপ লস্কৰে। সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব নগাঁওৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই। সাংস্কৃতিক অনুষ্ঠানৰ মুখ্য আকর্ষণ-জনপ্রিয় কণ্ঠশিল্পী মানস ৰবীনৰ সংগীতানুষ্ঠানেৰে সেই দিনাৰ কাৰ্যসূচী অন্ত পৰিব।

দ্বিতীয় দিনা পৰিষদৰ কলিয়াবৰ জিলা সমিতিৰ ষষ্ঠদশ দ্বি-বাৰ্ষিক অধিৱেশনৰ প্ৰতিনিধি সভা আৰু বিষয় সভাৰে কাৰ্যসূচীৰ অন্ত পেলোৱা হ'ব। এই উদ্দেশ্যে নৃপেন চন্দ্র কেওটক সভাপতি, মৃণাল কুমাৰ হাজৰিকাক কাৰ্যকৰী সভাপতি আৰু মৃগাংক বৰাক সম্পাদক হিচাপে লৈ এখনি অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে।

কলিয়াবৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ লাচিত দিৱস