বৰক'লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞানভিত্তিক প্ৰকল্পৰ প্ৰদৰ্শনী

"বিজ্ঞান অবিহনে শিক্ষা অসম্পূৰ্ণ" - নৱ মহন্ত

author-image
Asomiya Pratidin
New Update
বৰক'লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞানভিত্তিক প্ৰকল্পৰ প্ৰদৰ্শনী

ডিজিটেল সংবাদ, বেবেজীয়াঃ "বিজ্ঞান শিক্ষাই নতুন চিন্তা আৰু চেতনাৰ উন্মেষ ঘটায় । এই শিক্ষাই ন-আৱিষ্কাৰৰ পথ প্ৰশস্ত কৰে । সেয়ে বিজ্ঞান অবিহনে বিকাশৰ কথা চিন্তা কৰাটো অমূলক। যাৰবাবে এতিয়া সকলোৱেই উপলব্ধি কৰিছে যে,বিজ্ঞান অধ্যয়ন অবিহনে শিক্ষা অসম্পূৰ্ণ ।" - এই মন্তব্য নিবন্ধকাৰ,অৱসৰপ্ৰাপ্ত অধ্যাপক নৱ মহন্তৰ। শুকুৰবাৰে নগাঁৱৰ বৰক'লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা বিজ্ঞানভিত্তিক প্ৰকল্পৰ প্ৰদৰ্শনীৰ দ্বাৰ উদ্ঘাটন কৰি এনে কিছু গুৰুত্বপূৰ্ণ কথা উন্মোচকৰ ভাষণত প্ৰকাশ কৰে ঐতিহ্যমণ্ডিত নগাঁও মহাবিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপকগৰাকীয়ে।

Advertisment

গ্ৰীষ্ম বন্ধৰ প্ৰাকক্ষণত বিদ্যালয়খনৰ শিক্ষক গোট আৰু ছাত্ৰ-ছাত্ৰীৰ সহযোগত এই প্ৰদৰ্শনী অনুষ্ঠিত হয়। প্ৰদৰ্শনীখনত প্ৰায় দুকুৰি প্ৰকল্প উপস্থাপন কৰে ছাত্ৰ-ছাত্ৰীসকলে। এই উপলক্ষে বিদ্যালয়ৰ সভাগৃহত এখনি সভাও অনুষ্ঠিত হয়। বৰক'লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰতাপ সিঙৰ সভাপতিত্বত অনুষ্ঠিত এই সভাখনত শিক্ষক অংকুশ বৰাই উদ্দেশ্যে ব্যাখ্যা কৰাৰ বিপৰীতে আদৰণি ভাষণ প্ৰদান কৰে ছাত্ৰী জয়শ্ৰী লস্কৰে।

নৱম শ্ৰেণীৰ ছাত্ৰী মৰমী ডেকাই বৰগীত পৰিৱেশন কৰি শুভাৰম্ভ কৰা সভাখনত ছাত্ৰসমাজ আৰু শিক্ষকগোটে এটি সমবেত সংগীতো পৰিবেশন কৰে । স্নাতকোত্তৰ শিক্ষয়িত্ৰী ইলাৰাণী দেৱীয়ে আঁতধৰা এই অনুষ্ঠানটিত ছাত্ৰী পলি ডেকাই বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতত নৃত্য পৰিৱেশন কৰে।

অনুষ্ঠানটিত বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীসকলৰ উপৰিও বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি মঞ্জুৰাণী লস্কৰ,দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ লৱকান্ত শৰ্মা,বৰক'লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ গোবিন চন্দ্ৰ শৰ্মা,বৰক'লা শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য বিকাশ নাথ, উচ্চ শিক্ষিত যুৱক ৰিতীন্দ্ৰ কুমাৰ ডেকা আদিকে ধৰি বিভিন্নজন উপস্থিত থাকে ।

bebejiya