কামপুৰ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ কাৰ্যনিৰ্বাহক সভা

কামপুৰ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ কাৰ্যনিৰ্বাহক সভা

author-image
Asomiya Pratidin
New Update
কামপুৰ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ কাৰ্যনিৰ্বাহক সভা

ডিজিটেল সংবাদ,কামপুৰ : নগাঁও জিলাৰ কামপুৰ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ এখন কাৰ্যনিৰ্বাহক সভা শুকুৰবাৰে কামপুৰৰ নৱৰত্ন হাইস্কুলত অনুষ্ঠিত হয় । কামপুৰ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সভাপতি প্ৰণৱ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক মতিউৰ ৰহমানে ।

Advertisment

সভাখনত কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যাৰাজি সন্দৰ্ভত আলোচনা কৰি সমস্যাসমূহ প্ৰস্তাৱ আকাৰে লিপিবদ্ধ কৰি জিলা সমিতিৰ জৰিয়তে কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । ইয়াৰোপৰি বৃহত্তৰ কামপুৰ অঞ্চলৰ পৰা সদ্যঘোষিত এ পি এচ চি, হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতি শিক্ষাৰ্থীসকলৰ লগতে কৰ্মচাৰী পৰিষদৰ সৈতে জড়িত থাকি অৱসৰগ্ৰহণ কৰা কৰ্মচাৰীসকলক অনাগত সময়ত সম্বৰ্ধনা জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

Also Read: ঐতিহাসিক মহামুনি থানত বাৰ্ষিক উৎসৱ উদযাপন

kampur