খাগৰিজান মহাবিদ্যালয়ত 'নৱ্যবৰণ' শীৰ্ষক অনুষ্ঠানৰ আয়োজন

খাগৰিজান মহাবিদ্যালয়ত 'নৱ্যবৰণ' শীৰ্ষক অনুষ্ঠানৰ আয়োজন
Published on
Updated on

ডিজিটেল সংবাদ, বেবেজীয়া : ১৯৭২ চনতে স্থাপিত নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান খাগৰিজান মহাবিদ্যালয়ৰ ৫২ সংখ্যক 'নৱ্যবৰণ' শীৰ্ষক অনুষ্ঠানটি অহা ৫ অক্টোবৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে । কাৰ্যসূচী অনুসৰি ৫ অক্টোবৰৰ পুৱা ৮ বজাত পতাকা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰিব মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰমেশ নাথে ।

ইয়াৰ পাছৰ কাৰ্যসূচীত শ্বহীদ তৰ্পণ কৰিব মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° জোনাৰাম নাথে । ৯ বজাত ন-পুৰণি ছাত্ৰ-ছাত্ৰীৰ চিনাকি চ'ৰা আৰু নৃত্য-নাট্যানুষ্ঠান শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত হ'ব ।

ইয়াৰ পিছতে ১১ বজাত নৱাগত আদৰণি সভা, (নৱ্যবৰণ) অনুষ্ঠানৰ সভাপতিত্ব কৰিব খাগৰিজান মহাবিদ্যালয় পৰিচালনা সমিতিৰ সদস্য তথা শিক্ষাবিদ গিৰীন্দ্ৰ কুমাৰ বৰুৱাই ‌। সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকিব নগাঁও -বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা ।

বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সদানন্দ পায়েং । নিৰ্দিষ্ট বক্তা ৰূপে উপস্থিত থাকিব শোণিতপুৰৰ লোক নায়ক অমিয়া কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শুকদেৱ অধিকাৰী ।

সভাৰ শেষত মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত আমন্ত্ৰিত শিল্পীৰ গীতৰ শৰাই শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানত অংশ ল'ব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী পাপৰি গগৈয়ে ।

খাগৰিজান মহাবিদ্যালয়ত 'নৱ্যবৰণ' শীৰ্ষক অনুষ্ঠানৰ আয়োজন
কপিলীৰ বুকুত জাহ গ'ল কামপুৰ - ৰহা সংযোগী ৰাজপথ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in