/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/c2e3e018-4bfb-43d3-9ea1-b1c89b96571b/pm.jpg)
ডিজিটেল ডেস্ক: নগাঁৱৰ ভোটাইগাঁও নিবাসী বিশিষ্ট সমাজকৰ্মী হিমেশ্বৰ শইকীয়াৰ বুধবাৰে নিশা প্ৰায় ১১-০০ বজাত গুৱাহাটীৰ জি এম চি এইচৰ ছুপাৰ স্পেচিয়েলিটি হস্পিতালত মৃত্যু হয়। নগাঁও আই টি আইৰ অধ্যক্ষৰূপে অৱসৰ লোৱা হিমেশ্বৰ শইকীয়া যোৱা কিছুদিন ধৰি বৃক্কৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত আছিল।
আজি নিশা চিকিৎসালয়তে তেওঁৰ মৃত্যু হয়। ৯০ ঊৰ্ধৰ ব্যক্তিগৰাকী আছুৰ এসময়ৰ উপ-সভাপতি তথা বৰ্তমানৰ শাসক দল বিজেপিৰ নগাঁও সমিতিৰ কাৰ্যকৰ্তা পিতাম্বৰ শইকীয়াকে ধৰি ৬জন পুত্ৰ আৰু দুগৰাকী কন্যা সন্তানৰ পিতৃ। মৃত্যুৰ সময়ত তেওঁ ৩জন পুত্ৰকে ধৰি ৬গৰাকী বোৱাৰী আৰু কেইবাজনো নাতি-নাতিবোৱাৰীসহ বহু আত্মীয়-স্বজনক এৰি থৈ যায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/3504169c-385d-41bd-8b42-7d24801ca89f/be63afc0_521f_4e6e_9c9b_aa1a77935270.jpg)
তেওঁৰ পত্নীৰ প্ৰায় ডেৰ দশক পূৰ্বে মৃত্যু হয়। মৃত্যুৰ সময়ত ৯০ ঊৰ্ধৰ এই ব্যক্তিগৰাকীৰ কনিষ্ঠ পুত্ৰকে ধৰি বহু আত্মীয় তেওঁৰ কাষত আছিল। বৃহস্পতিবাৰে পুৱা তেওঁৰ নশ্বৰ দেহ নগাঁৱৰ বাসভৱনলৈ নি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব।ইফালে তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে বহু আত্মীয়-স্বজন আৰু গুণমুগ্ধ ইতিমধ্যে চিকিৎসালয়ত উপস্থিত হৈছে।
মৃত্যুৰ সময়ত তেওঁৰ কাষত পুত্ৰ পিতাম্বৰ শইকীয়া,খগেন শইকীয়াকে ধৰি পৰিয়ালৰ প্ৰায় সকল উপস্থিত আছিল। উল্লেখ্য যে, অসমৰ বিদেশী বিতাৰণ আন্দোলনকে ধৰি জাতীয় জীৱনৰ সংকট কালত সদায় সক্ৰিয়ৰূপে হিমেশ্বৰ শইকীয়াৰ পৰিয়ালটোৱে বলিষ্ঠ অংশগ্ৰহণৰ দৰে দায়িত্ব পালন কৰি আহিছে।
Also Read: ধেমাজি নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত 'যুৱ উৎসৱ'