বিশিষ্ট শিক্ষাবিদ বিমল বৰাৰ মৃত্যুত নগাঁৱত শোক...

৭৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে গণিতৰ পণ্ডিতগৰাকীয়ে

author-image
Asomiya Pratidin
New Update
বিশিষ্ট শিক্ষাবিদ বিমল বৰাৰ মৃত্যুত নগাঁৱত শোক...

teacher 28.jpg

ডিজিটেল সংবাদ নগাঁও: গণিতৰ পণ্ডিত, বিশিষ্ট শিক্ষাবিদ বিমল বৰাৰ পৰলোক। সোমবাৰে সন্ধ্যা শেষ নিশ্বাস ত্যাগ কৰে বিমল বৰাই। ওৰেটো জীৱন গণিত, শিক্ষাৰ্থীক লৈ সময় অতিবাহিত কৰা বিমল বৰাৰ মৃত্যুৰ বতৰাই শোকাতুৰ কৰি তুলিছে নগাঁওবাসীক।

Advertisment

৭৯ বছৰ বয়সত মৃত্যুক সাৱতি লোৱা কৃৰ্তি শিক্ষক বিমল বৰা চিকিৎসাধীন অৱস্থাত নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যুক সাৱতি লয়। জানিব পৰা মতে কিছুদিন ধৰি বৰা অসুস্থ হৈ আছিল।

ৰাজ্যিক কৃৰ্তি শিক্ষকৰ বঁটাৰে সন্মানিত প্ৰয়াত বিমল বৰাই ২০০২ চনত নগাঁও চৰকাৰী উচ্চতৰ বালক বিদ্যালয়ৰ অধ্যক্ষ পদৰ পৰা অবসৰ গ্ৰহণ কৰিছিল। বিশ্বৰ বিভিন্ন প্ৰান্তত প্ৰয়াত বিমল বৰাই পঢ়োৱা ছাত্ৰ আছে।

ছাত্ৰৰ মাজত বেছ জনপ্ৰিয় বৰাই মৃত্যুৰ সময়ত পত্নী, পুত্ৰ, কন্যাক এৰি থৈ গৈছে । মঙ্গলবাৰে প্ৰয়াত বিমল বৰাৰ শেষকৃত্য সমাপন কৰা হ'ব। বিমল বৰাৰ মৃত্যুত বিনাপানী নাট্য মন্দিৰ, নগাঁও চৰকাৰী উচ্চতৰ বালক বিদ্যালয় শিক্ষক-কৰ্মচাৰী , বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ দিপীকা লস্কৰ, সাংসদ ৰকিকুল হুছেইন, প্ৰদ্যুত বৰদলৈ , বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা, কল্লোল, কলংপাৰ বিদ্যাপীঠৰ হৈ অমৰজিৎ গোস্বমী, নগাঁও মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ, কবি ড০ শৰৎ বৰকটকী আদিয়ে গভীৰ শোক প্ৰকাশ কৰিছে ।

Also Read: পাকিস্তানৰ বাবেই হেনো প্ৰদূষিত হৈছে নয়দাৰ বায়ু...

শিক্ষাবিদ বিমল বৰা