'লাডেন'ৰ আক্ৰমণত নিহত এজন...

নগাঁও জিলাৰ লাওখোৱা চাপৰি আৰক্ষী থানাৰ অন্তৰ্গত মুছলিম চাপৰি চৰত (বুটমাৰি) বনৰীয়া হাতীৰ আক্ৰমণত এজন লোক থিতাতে নিহত হয়।

author-image
Asomiya Pratidin
New Update
'লাডেন'ৰ আক্ৰমণত নিহত এজন...

ডিজিটেল সংবাদ ,নগাঁও : নগাঁও জিলাৰ লাওখোৱা চাপৰি আৰক্ষী থানাৰ অন্তৰ্গত মুছলিম চাপৰি চৰত (বুটমাৰি) বনৰীয়া হাতীৰ আক্ৰমণত এজন লোক থিতাতে নিহত হয়। বুধবাৰে নগাঁও আৰু শোনিতপুৰ জিলাৰ সীমামূৰীয়া মুছলিম চাপৰি চৰত সংঘটিত এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে এক শোকাকুল পৰিবেশৰ সৃষ্টি কৰিছে।

Advertisment

জানিব পৰা মতে বুঢ়াচাপৰি অভয়াৰণ্যৰ পৰা ওলাই অহা এটা বনৰীয়া হাতীয়ে চৰটোৰ চিৰাজুল ইছলাম (৪২) নামৰ এজন লোকক আক্ৰমণ কৰি থিতাতে নিহত কৰে। ঘটনাৰ সংঘটিত হোৱাৰ বহু পলতকৈ ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। উল্লেখ্য় যে এই বনৰীয়া হাতীটো অঞ্চলটোত লাডেন নামে জনাজাত।

Also Read: ই-টেক্সবুক মুকলিঃ এতিয়াৰে পৰা পি ডি এফৰ জৰিয়তে ডাউনল'ড কৰিব পাৰিব পাঠ্যপুথি