/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/f926e541-7fd9-470a-b949-dc3e307934cb/123456789.jpg)
ডিজিটেল সংবাদ,নগাঁও : সদ্যপ্ৰয়াত তথা বিশিষ্ট সাহিত্যিক ,শিক্ষাবিদ ভাৰত চন্দ্ৰ নাথৰ স্মৃতিত দেওবাৰে নগাঁও সাহিত্য সভা আৰু কিশলয় সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত নগাঁও সাংস্কৃতিক প্ৰকল্পত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। নগাঁও সাহিত্য সভাৰ সম্পাদক সমীৰ মহন্তই উদ্দেশ্য ব্যাখ্যা কৰা আৰু কিশলয় সাংস্কৃতিক গোষ্ঠীৰ সম্পাদক পাপুল বৰাই আঁত ধৰা অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াত নাথৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে।
ড ০ বৰকটকীয়ে ভাৰত চন্দ্ৰ নাথৰ জীৱনৰ বিভিন্ন দিশ উল্লেখ কৰি কয় যে,নাথৰ বিভিন্ন প্ৰতিভা আছিল যদিও তেওঁ এজন প্ৰচাৰ বিমুখ ব্যক্তি আছিল। তেওঁ সদায়েই অসমীয়া ভাষাৰ বিকাশৰ হকে কাম কৰিছিল আৰু বানান শুদ্ধৰূপত লিখাৰ ওপৰত গুৰুত্ব দিছিল।
মানৱ দৰদী এইজন লোকে সকলোকে সমদৃষ্টিৰে চাইছিল। অনুষ্ঠানত গল্পকাৰ শিবানন্দ কাকতি , সাহিত্যিক ৰতিমোহন নাথ ,অবসৰপ্ৰাপ্ত চৰকাৰী বিষয়া মকিবুৰ ৰহমান , কবি নয়ন কমল শইকীয়া আদিয়ে ভাৰত চন্দ্ৰ নাথৰ জীৱন দৰ্শনৰ বিষয়ে উল্লেখ কৰে।
অনুষ্ঠানত প্ৰয়াত নাথৰ ছাত্র স্বপ্নজ্যোতি বৰাই জ্যোতিষ ভট্টাচাৰ্যৰৰ এটি গীত নাথৰ সোৱৰণত পৰিবেশন কৰি অনুষ্ঠানটিক এক বিশেষ মাত্ৰা প্ৰদান কৰে।অনুষ্ঠানত নাথৰ প্ৰাক্তন ছাত্র ,বিশিষ্ট ব্যক্তি আদিয়ে অংশগ্ৰহণ কৰে।
Also Read: নিভাঁজ দেশপ্ৰেম আৰু ৰাজনৈতিক বিচক্ষণতাৰ প্ৰতীক তৰুণৰাম ফুকন...