পুৰনিগুদামত দুলাল শৰ্মাক প্ৰেছ ক্লাবৰ সম্বৰ্ধনা

পুৰনিগুদামত দুলাল শৰ্মাক প্ৰেছ ক্লাবৰ সম্বৰ্ধনা

author-image
Asomiya Pratidin
New Update
পুৰনিগুদামত দুলাল শৰ্মাক প্ৰেছ ক্লাবৰ সম্বৰ্ধনা

ডিজিটেল সংবাদ, নগাঁও: নগাঁও জিলাৰ পুৰনি সদৰ পুৰনিগুদাম ৷ বৃহত্তৰ পুৰণিগুদামত এক কিতাপ পঢ়াৰ পৰিৱেশ গঢ়াৰ নিৰলস প্ৰচেষ্টা চলোৱা এজন ব্যক্তি দুলাল শৰ্মা ৷ নৱ প্ৰজন্মৰ বাবে মৰমৰ দুল দা৷ বাতৰি কাকতৰ পৰিৱেশকৰ লগতে গ্ৰন্থ অধ্যয়নৰ এক পৰিৱেশ সূচনাৰ বাবে দীৰ্ঘ বছৰ পুৰনিগুদামত দুলাল শৰ্মাই এককভাৱে কাম কৰি আহিছে ৷

Advertisment

১৯৭৯ চনৰ পৰা এককভাৱে পুৰনিগুদামত গ্ৰন্থ বিপ্লৱ চলাই অহা দুলাল শৰ্মাক পুৰণিগুদাম প্ৰেছ ক্লাবে ৰাজহুৱা সম্বৰ্ধনা আগবঢ়াইছে৷ পুৰনিগুদাম শাৰদীয় শিশু গ্ৰন্থ মেলা ২০২৩ ৰ দেওবাৰৰ নিশাৰ কাৰ্যসূচীত দুলাল শৰ্মাক সম্বৰ্ধনা জনোৱা হয় ৷ অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তৰ উপস্থিতিত শৰ্মাক গামোচা, মানপত্ৰ আদিৰে সন্মানিত কৰা হয় ৷

পুৰনিগুদাম প্ৰেছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত গ্ৰন্থমেলাখনৰ জন্মৰ আৰৰ অন্যতম হোতা আছিল দুলাল শৰ্মা ৷ দুলাল শৰ্মা, দুলাল বৰা আৰু সেই সময়ৰ পুৰনিগুদামৰ এজন স্থানীয় সংবাদকৰ্মীৰ উপস্থিতিত পুৰনিগুদামৰ শৰ্মা বুক এম্প্ৰৰিয়ামত হোৱা এখন সভাতে অংকুৰিত হৈছিল পুৰনিগুদামৰ শাৰদীয় গ্ৰন্থমেলাখনিৰ ৷ আৰম্ভ হৈছিল "আপোনাৰ সন্তানক পুতলা পিষ্টলৰ সলনি এখনি কিতাপ হাতত তুলি দিয়ক"ৰ যাত্ৰা ৷

এইবেলি গ্ৰন্থমেলাস্থলীলে অসমীয়া প্ৰতিদিন ডিজিটেলৰ লামডিঙৰ সাংবাদিক তথা অসমীয়া প্ৰতিদিন আৰু প্ৰতিদিন টাইমৰ লামডিঙৰ সাংবাদিক পল্লৱী কলিতাক প্ৰদান কৰা হয় প্ৰয়াত ধনটি হীৰা সোঁৱৰনী নবীন গ্ৰাম্য সাংবাদিকতা বঁটা ২০২৩ ৷ হোজাই জিলাৰ লামডিঙৰ পল্লৱী কলিতা সাহসী সাংবাদিক ৷

লামডিঙৰ দৰে স্পৰ্শকাতৰ স্থানৰ পৰা পল্লৱী কলিতাই সাহসেৰে সাংবাদিকতা কৰি আহিছে ৷ অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্ত, দুলাল বৰা, তপন কটকী, অভিজিৎ বৰা, হেমন্ত শইকীয়া, ভাৰ্গব হাজৰিকা, সীমান্ত কলিতা, ছাত্ৰ নেতা প্ৰাগজ্যোতিশ বনিয়া, দিল্পুৰঞ্জন শৰ্মা, প্ৰয়াত সাংবাদিক ধনটি হীৰাৰ পৰিয়াল বৰ্গ উপস্থিত থাকে।

Also Read: বিশিষ্ট সাংবাদিক, চলচ্চিত্ৰ সমালোচক অৰুণ লোচন দাসৰ দেহাৱসান

nagaon