Advertisment

বঢ়মপুৰত  ১৯ কোটি টকা মূল্যৰ নিষিদ্ধ দ্ৰব্য দাহন...

নগাঁও আৰক্ষীয়ে আজি জিলাখনৰ বঢ়মপুৰত বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ দাহন কাৰ্যসূচী ৰূপায়ন কৰে। বঢ়মপুৰস্থিত নৱম অসম আৰক্ষী বাহিনীৰ চৌহদৰ পৰিত্যক্ত স্থানত নগাঁও আৰক্ষীয়ে আজি এই কাৰ্য সম্পন্ন কৰে।

author-image
Asomiya Pratidin
New Update
বঢ়মপুৰত  ১৯ কোটি টকা মূল্যৰ নিষিদ্ধ দ্ৰব্য দাহন...

ডিজিটেল সংবাদ, বঢ়মপুৰঃ নগাঁও আৰক্ষীয়ে আজি জিলাখনৰ বঢ়মপুৰত বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ দাহন কাৰ্যসূচী ৰূপায়ন কৰে। বঢ়মপুৰস্থিত নৱম অসম আৰক্ষী বাহিনীৰ চৌহদৰ পৰিত্যক্ত স্থানত নগাঁও আৰক্ষীয়ে আজি এই কাৰ্য সম্পন্ন কৰে।

Advertisment

নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ নেতৃত্বত নগাঁও আৰক্ষী,নৱম অসম আৰক্ষী বাহিনীৰ সহযোগত ড্ৰাগছ দাহন কাৰ্যসূচী সম্পন্ন কৰে। আৰক্ষীয়ে দাহন কৰি ধ্বংস কৰা ড্ৰাগছৰ পৰিমাণ হ'ল হেৰ'ইন ৭.৩৮ কেজি , গাঞ্জা ১৬০.৫৫ কেজি , কফ চিৰাফ ৪১০৫টা, নিচাজাতীয়  টেবলেট ৭৫. ৩৪১ টা।

ধ্বংস কৰা ড্ৰাগছখিনিৰ মূল্য ১৯ কোটি টকাৰ অধিক হ'ব বুলি জানিব পৰা গৈছে । এই দাহন কাৰ্যসূচীত নগাঁও জিলা প্ৰশাসন ,আৰক্ষী প্ৰশাসনৰ বিষয়া, ড্ৰাগছ নিষ্কাশন সমিতি , ভি.ডি.পি আৰু চিকিৎসাকৰ্মীৰ লোকসকল উপস্থিত থাকে।

বিগত বৰ্ষৰ পৰা বৰ্তমানলৈকে জিলাখনৰ বিভিন্ন আৰক্ষী থানা আৰু ৰেল আৰক্ষীয়ে চাপৰমুখত জব্দ কৰা এই ড্ৰাগছ সমূহ আজি ধ্বংস কৰা হয় বুলি নগাঁও আৰক্ষীয়ে জানিবলৈ দিয়ে। বিগত বৰ্ষৰ পৰা বৰ্তমানলৈকে  জিলাখনত ড্ৰাগছ সম্পৰ্কীয় ২০০ টা গোচৰ পঞ্জীয়ন হৈছে।

এই সন্দৰ্ভত নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই  সংবাদ মাধ্যমৰ আগত কয়- ''ড্ৰাগছৰ কবলত পৰি আমাৰ নৱ প্ৰজন্মৰ বহুতো বিপথে পৰিচালিত হৈছে ৷ পৰিয়াল তথা সমাজতো তেওঁলোকে বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে ৷ আমি এনেদৰে অবাটে যোৱা নৱ প্ৰজন্মৰ লোক সকলক সঠিক পথৰ সন্ধান দিবৰ বাৱে প্ৰয়াস কৰি আহিছোঁ । এই ক্ষেত্ৰত তেওঁ অভিভাৱক সকলকো সচেতন হ'বৰ বাৱে আহ্বান জনায় ৷''

তেওঁ লগতে কয়- নগাঁও জিলাক ড্ৰাগছ মুক্ত জিলা হিচাপে গঢ়ি তোলাৰ বাবে নগাঁও আৰক্ষীয়ে চলোৱা প্ৰয়াস অনাগত দিনতো চলি থাকিব ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছ্ মুক্ত অসম গঢ়াৰ বাৱে পদক্ষেপ গ্ৰহণ কৰিছে ৷ বিগত বৰ্ষত মুখ্যমন্ত্ৰী ড° শৰ্মাই বঢ়মপুৰৰ এই খেলপথাৰত প্ৰায় ডেৰলাখ কোটি টকামূল্যৰ ড্ৰাগছ দাহন কাৰ্য্যসূচীত অংশগ্ৰহন কৰিছিল ৷

মুখ্যমন্ত্ৰীৰ ড্ৰাগছ্ মুক্ত অসম গঢ়াৰ সপোনক সাকাৰ ৰূপ দিবলৈ নগাঁও আৰক্ষীয়ে নিৰন্তৰ অভিযান অব্যাহত ৰাখিছে ৷ জিলাখনৰ পৰা ড্ৰাগছৰ প্ৰচলন আৰু সৰবৰাহ বন্ধ কৰিবৰ বাবে নগাঁও আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ কথা উল্লেখ কৰি নগাঁও আৰক্ষীয়ে এইক্ষেত্ৰত ৰাইজৰ সহযোগিতা বিচাৰে।

বঢ়মপুৰ ড্ৰাগছ