নগাঁৱত এণ্টি নাৰ্কটিক্সৰ অভিযান

নগাঁৱত এণ্টি নাৰ্কটিক্সৰ অভিযান

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও জিলা কঠীয়াতলীত আৰক্ষীৰ এণ্টি নাৰ্কটিক্স দলে অভিযান চলায়। গোপন সূত্ৰৰ ভিত্তিত কঠীয়াতলী পহৰাচকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিকু বৰ্মনৰ নেতৃত্বত এটা আৰক্ষী দলে ৪৫০ গ্ৰামৰ সন্দেহযুক্ত হেৰ’ইন থকা ৩৪টা চাবোনৰ বাকচ উদ্ধাৰ কৰে।

ডৱকাৰ পৰা নগাঁও অভিমুখে গৈ থকা এ এচ ০২ এ কে ২৮৪৮ নম্বৰৰ এখন এল্ট' গাড়ীৰ পৰা ড্ৰাগছখিনি জব্দ কৰে আৰক্ষীয়ে৷ লগতে কচুৱাৰ খাইৰুল ইছলাম নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীকো আটক কৰে৷ উল্লেখ্য যে, গোপন সূত্ৰৰ পম খেদি কঠিয়াতলী আৰক্ষীয়ে চলাইছিল এই অভিযান।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in