কচুৱা আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী

কচুৱা আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী

author-image
Asomiya Pratidin
New Update
কচুৱা আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী

ডিজিটেল সংবাদ, কামপুৰঃ মঙলবাৰে নিশা কচুৱা আৰক্ষীয়ে অভিযান চলাই এজন ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰে। পণ্ডিতঘাট ধনচিলাৰ পৰা ছফিকুৰ ৰহমান নামৰ ড্ৰাগছ সৰবৰাহকাৰীজনক গ্ৰপ্তাৰ কৰে বুলি আৰক্ষী সূত্ৰে জানিব দিয়ে।

এই অভিযানত আৰক্ষীয়ে সন্দেহযুক্ত ২৪-৩৮ গ্ৰাম হেৰ’ইন থকা দুটা চাবোনৰ বাকচ উদ্ধাৰ কৰে। কচুৱা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজা ঈৰছাদৰ নেতৃত্বত এই অভিযান চলিছিল বুলি জানিব পৰা গৈছে।

Also Read: মহানগৰীত নকল নোটসহ আটক ব্যৱসায়ী

drugs seized