কঠীয়াতলী ৰেংবেঙত বুজন পৰিমাণৰ ড্ৰাগছসহ ২জন আটক

কঠীয়াতলী ৰেংবেঙত বুজন পৰিমাণৰ ড্ৰাগছসহ ২জন আটক

ডিজিটেল সংবাদ, কঠীয়াতলী: সোমবাৰে নগাঁও জিলাৰ কঠীয়াতলী ৰেংবেঙত বুজন পৰিমাণৰ ড্ৰাগছসহ ২জন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী। কাৰ্বি আংলঙৰ পৰা ২০ টা চাবোনৰ বাকচত মুঠ ২৪৭ গ্ৰাম ড্ৰাগছ নগাঁও আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত ৰেংবেঙত আটক কৰিবলৈ সক্ষম হয়।

কাৰ্বি আংলঙৰ পাপু দাস আৰু বুদ্ধিমান তামাং নামৰ সৰবৰাহকাৰী দুজনে এ এচ ০২ এ এন ০৭৮৭ নম্বৰৰ বিলাসী বাহনখনত ড্ৰাগছসমূহ লুকুৱাই আনিছিল। কাৰ্বি আংলঙৰ পৰা ড্ৰাগছসমূহ লোক ২জনে নগাঁৱলৈ লৈ অহা সময়তে কঠীয়াতলী আৰক্ষীৰ সহযোগত নগাঁও আৰক্ষীৰ দলে লোক ২জনক আটক কৰিবলৈ সক্ষম হয়।

কঠীয়াতলী ৰেংবেঙত বুজন পৰিমাণৰ ড্ৰাগছসহ ২জন আটক
পশ্চিম বংগত তৃণমূল কংগ্ৰেছৰ নেতাক হত্যা : হত্যাকাণ্ডত জড়িত সন্দেহত আন এজনক প্ৰহাৰ কৰি হত্যা সমৰ্থকৰ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in