Advertisment

কচুৱা আৰক্ষীৰ অভিযানত নিষিদ্ধ দ্ৰব্যসহ এজনক আটক...

২৮ ফেব্ৰুৱাৰী, ২০২৫ শুকুৰবাৰেও নগাওঁ জিলাৰ কচুৱা আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছৰ সৈতে এটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে। ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো আতাউৰ ৰহমান।

author-image
Asomiya Pratidin
New Update
কচুৱা আৰক্ষীৰ অভিযানত নিষিদ্ধ দ্ৰব্যসহ এজনক আটক...

ডিজিটেল ডেস্কঃ ৰাজ্যত অবৈধ ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ অভিযান। ২৮ ফেব্ৰুৱাৰী, ২০২৫ শুকুৰবাৰেও নগাওঁ জিলাৰ কচুৱা আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছৰ সৈতে এটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে। 

Advertisment

ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো আতাউৰ ৰহমান বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে শুকুৰবাৰে নিশা কচুৱা তিনিআলি বজাৰত আতাউৰে ড্ৰাগছ সৰবৰাহৰ চেষ্টা কৰাৰ সময়তে গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই হাতেলুটে আটক কৰে। 

এই ড্ৰাগছ বিৰোধী অভিযানৰ নেতৃত্ব লৈছিল কচুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জাহ্নৱ হাজৰিকা আৰু উপ-পৰিদৰ্শক পবিত্ৰ ৰয়ে। অভিযানৰ সময়ত  আতাউৰৰ পৰা আৰক্ষীৰ দলটোৱে ২২ টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰিছে। 

এই সন্দৰ্ভত অধিক তথ্যৰ বাবে আৰক্ষীয়ে আতাউৰক জেৰা অব্যাহত ৰাখিছে। 

কচুৱা ড্ৰাগছ সৰবৰাহ ড্ৰাগছৰ বিৰুদ্ধে অভিযান