ৰহাত নিচাযুক্ত সামগ্ৰীসহ আটক সৰবৰাহকাৰী..

ৰহাত নিচাযুক্ত সামগ্ৰীসহ আটক সৰবৰাহকাৰী..

author-image
Asomiya Pratidin
New Update
ৰহাত নিচাযুক্ত সামগ্ৰীসহ আটক সৰবৰাহকাৰী..

ডিজিটেল সংবাদ,কামপুৰঃ বৃহস্পতিবাৰে ৰহাত এজন ড্ৰাগছ সৰবৰাহকাৰী আটক কৰা হয়।কাকতি গাঁও আঞ্চলিক আমছু আৰু পূব কাকতি গাঁও গাঁওৰক্ষী বাহিনীৰ সদস্য সকলে ৰহাৰ পৰা চেঙাজান অভিমূখী কাকতি গাঁও দলঙৰ সমীপত সৰবৰাহকাৰী জনক আটক কৰে। সৰবৰাহকাৰী জনৰ পৰা ১২ টা কণ্টেইনাৰ জব্দ কৰে।

Advertisment

উল্লেখ্য যে, ড্ৰাগছ সৰবৰাহকাৰীজন চেঙাজানৰ মহিদুল ইছলাম। কাকতি গাঁও আঞ্চলিক আমছু আৰু গাঁওৰক্ষী বাহিনীয়ে ড্ৰাগছ সৰবৰাহকাৰীজনক কামপুৰ আৰক্ষী চকীত চমজাই দিয়ে।

Also Read: প্ৰচণ্ড ধুমুহাত বঢ়মপুৰ নৱম অসম আৰক্ষী বাহিনীৰ কাৰ্যালয়ৰ বিস্তৰ ক্ষতি...

drugs peddler raha news nagaon news