/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/42df54f2-7913-4459-8c9e-5df3b4c5a199/10.jpg)
ডিজিটেল সংবাদ,কামপুৰঃ বিদ্যুৎ বিভাগৰ চৰম মইমতালিৰ বাবে বুধবাৰে পুৱা কৰুণ মৃত্যুক সাৱতি লয় এজন শ্ৰমিকে ৷ ১১ হাজাৰ ভল্টেজ তথা মেইন লাইনৰ তাঁৰত লাগি হোৱা শ্ৰমিকজন উত্তৰ প্ৰদেশৰ ৫০ বছৰীয়া অশোক যাদৱ৷
প্ৰাপ্ত অভিযোগ মতে, পুঠিমাৰী, মিছামাৰী আৰু গৰুবান্ধা গাঁৱৰ মাজেদি যোৱা এঘাৰ হাজাৰ ভল্টেজৰ তাঁৰ অতি তললৈ ওলমি থকাত গাড়ী মটৰ চলাচলত ভীষণ সমস্যাৰ সন্মুখীন হৈছে ৰাইজ ৷ বিদ্যুৎ বিভাগৰ লগত ঠিকাদাৰৰ গোপন বুজাবুজিৰ ফলত দুটা খুটিৰ দূৰত্ব বঢ়াই দিয়াত বিদ্যুৎ পৰিবাহী তাঁৰ সমূহ বহু তললৈ ওলমি থকা পৰিলক্ষিত হৈছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/e59f6aa5-00af-4767-92c4-b71394aec89a/099a96ea-64e8-489c-ac0c-a79cfe7960b2.jpg)
যাতায়ত যোগাযোগত ভীষণ সমস্যা দেখি অঞ্চলটোৰ বহু লোকে বহুবাৰ কামপুৰ বিদ্যুৎ কাৰ্যালয়ৰ উপৰিও কঠীয়াতলি বিদ্যুৎ উপ সংমণ্ডল কাৰ্যালয়ৰ এচ ডি অ' ক লগ ধৰি বিপদজনক ভাৱে হালি থকা তাঁৰ সমূহ ওপৰেলৈ তুলিবলৈ দাবী জনায়। কিন্তু গা নলৰিল কুম্ভকৰ্ণ নিদ্ৰাত থকা বিভাগটোৰ বিষয়া কৰ্মচাৰী সকলৰ৷
উল্লেখ্য যে, আজি ধান কটা মেচিন ট্ৰাকত তুলি কামপুৰলৈ নি থকা অৱস্থাত চালক অশোক যাদৱৰ মূৰত তাঁৰ দুডাল লাগি ধৰে। ফলত মৃত্যু হয় চালকজনৰ। গাড়ীখনত থকা আন ৪ জন লোক কিছু পৰিমানে আহত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/14ec099d-ad9c-42fe-ab4d-aa5654bcd80d/4cfb9bc3-3801-4c1d-a8c6-58c29a369f09.jpg)
ইপিনে বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ বাবে পূৰ্বে আৰু ৩ জন লোকৰ কৰুণ মৃত্যু হৈছিল বুলি আজি বহুজনে জানিবলৈ দিয়ে ৷ মৃত লোকজনৰ সম্পূৰ্ণ ক্ষতিপূৰণ দি মাত্ৰ দুদিনৰ ভিতৰত বিদ্যুৎ লাইনৰ মেৰামতি নকৰিলে সহস্ৰাধিক ৰাইজে বিদ্যুৎ বিভাগটোৰ বিৰুদ্ধে ধৰ্ণা দিব বুলি হুংকাৰ দিয়ে ৷
Also Read: সোৱণশিৰিত ডুবিল 'এম টি বীৰদত্ত' জাহাজঃ কথমপি প্ৰাণৰক্ষা ১১ জনৰ