Advertisment

অসমৰ ১৫০০ চিকিৎসক সৰ্প দংশনৰ চিকিৎসাৰ বাবে প্ৰশিক্ষিত হৈছে...

নগাঁও গ্ৰন্থ মেলা -২০২৪ ত অংশগ্ৰহণ কৰি সৰ্প দংশনৰ সামাজিক কৰ্মকৰ্তা তথা সংজ্ঞাহাৰক বিশেষজ্ঞ ডাঃ সুৰজিত গিৰিয়ে জনোৱা মতে সমগ্ৰ অসমত এতিয়া ১৫০০ ৰো অধিক চিকিৎসক সৰ্প দংশনৰ চিকিৎসাৰ বাবে প্ৰশিক্ষিত হৈছে।

author-image
Asomiya Pratidin
New Update
অসমৰ ১৫০০ চিকিৎসক সৰ্প দংশনৰ চিকিৎসাৰ বাবে প্ৰশিক্ষিত হৈছে...

অসমৰ ১৫০০ চিকিৎসক সৰ্প দংশনৰ চিকিৎসাৰ বাবে প্ৰশিক্ষিত হৈছে...

ডিজিটেল সংবাদ, নগাঁও: বিগত ১৭ ডিচেম্বৰৰ পৰা নগাঁৱৰ ঐতিহ্যমণ্ডিত নেহৰুবালিত অনুষ্ঠিত হৈছে নগাঁও গ্ৰন্থ মেলা -২০২৪৷ নগাঁৱৰ অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান 'কল্লোল'ৰ উদ্যোগত আৰু নগাঁও জিলা প্ৰশাসনৰ সহযোগত আয়োজিত এই গ্ৰন্থমেলাত বৃহস্পতিবাৰে প্ৰকৃতিপ্ৰেমী সংগঠন 'পান্থতৰু'ৰ উদ্যোগত অনুষ্ঠিত হয় পৰিৱেশ সজাগতামূলক এক আলোচনা চক্ৰ ৷

Advertisment

বৃহস্পতিবাৰৰ এই আলোচনাচক্ৰত অন্যান্য বহুতৰে সৈতে উপস্থিত থাকে সৰ্প দংশনৰ সামাজিক কৰ্মকৰ্তা তথা সংজ্ঞাহাৰক বিশেষজ্ঞ ডাঃ সুৰজিত গিৰি ৷ সংবাদ মাধ্যমৰে হোৱা মুখামুখিত চিকিৎসকগৰাকীয়ে সৰ্পদংশন সন্দৰ্ভত প্ৰকাশ কৰিলে বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য ।

২০০৮ বৰ্ষৰ পৰা বহু প্ৰত্যাহবানৰ মাজেৰে শিৱসাগৰৰ ডিমৌ চিকিৎসালয়ত সৰ্পদংশনৰ চিকিৎসা আৰম্ভ কৰা চিকিৎসকগৰাকীয়ে পৰৱৰ্তী সময়ত ১৫০০ চিকিৎসকক এই বিষয়ত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰি সৰ্পদংশনৰ চিকিৎসাৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰিছে। 

তেওঁ সমগ্ৰ অসমতে সৰ্প দংশনত মৃত্যুৰ হাৰ হ্ৰাস কৰিবলৈ সক্ষম হৈছে যদিও বৰ্তমানেও বহু সজাগতাৰ প্ৰয়োজন বুলি মত প্ৰকাশ কৰে ৷ লগতে অসমত উপলব্ধ ৭৬ বিধ সাপৰ ভিতৰত মাত্ৰ ছবিধ সাপহে বিষাক্ত বুলি প্ৰকাশ কৰাৰ লগতে সৰ্পদংশনৰ ক্ষেত্ৰত এণ্টিভেনমেই শেষ চিকিৎসা নহয় বুলিও প্ৰকাশ কৰে ৷

আনহাতে, শেহতীয়াকৈ অসমৰ দুখনমান জিলাত হঠাতে অতি উদ্বেগজনকভাৱে বংশবৃদ্ধি হোৱা ৰাছেল ভাইপাৰৰ বৃদ্ধিৰ বাবে গোলকীয় উষ্ণতাকে জগৰীয়া কৰে সৰ্প বিশেষজ্ঞগৰাকীয়ে ।

নগাওঁ গ্ৰন্থমেলা