নগাঁও কলেজ (অট’নমাচ)ৰ প্ৰাক্তন উপাধ্যক্ষ ড০ ৰঞ্জন ভৰালীৰ দেহাৱসান

নগাঁও কলেজ (অট’নমাচ)ৰ প্ৰাক্তন উপাধ্যক্ষ ড০ ৰঞ্জন ভৰালীৰ দেহাৱসান

author-image
Asomiya Pratidin
New Update
নগাঁও কলেজ (অট’নমাচ)ৰ প্ৰাক্তন উপাধ্যক্ষ ড০ ৰঞ্জন ভৰালীৰ দেহাৱসান

ডিজিটেল সংবাদ,নগাঁও : নগাঁও কলেজ (অট’নমাচ)ৰ প্ৰাক্তন উপাধ্যক্ষ আৰু বাণিজ্য বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড০ ৰঞ্জন ভৰালীৰ সোমবাৰে আকস্মিকভাৱে দেহাৱসান ঘটে। উল্লেখ কৰা প্ৰয়োজন যে ড০ ভৰালীয়ে নগাঁও কলেজৰ পৰা বাণিজ্য বিভাগত স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বাণিজ্য বিভাগৰ পৰা স্নাতকোত্তৰ আৰু পিএইচ.ডি. ডিগ্ৰী লাভ কৰিছিল।

Advertisment

ড০ ভৰালী নগাঁও কলেজৰ বাণিজ্য বিভাগত ১৯৮৫ চনৰ ১জানুৱাৰীত প্ৰৱক্তা হিচাপে যোগদান কৰিছিল আৰু সুদীৰ্ঘ ৩৬ বছৰ ১মাহ নিষ্ঠা আৰু দক্ষতাৰে বাণিজ্য বিভাগত অধ্যাপনা কৰি ২০২১ চনৰ ৩১ জানুৱাৰীত অৱসৰ গ্ৰহণ কৰিছিল। তেখেতে ক্ৰমে উপাধ্যক্ষ, বাণিজ্য বিভাগৰ মুৰব্বী অধ্যাপক আৰু দুটা বৰ্ষৰ বাবে নগাঁও কলেজ শিক্ষক পৰিষদৰ সভাপতি পদো অলংকৃত কৰিছিল।

ইয়াৰোপৰি তেঁও অধ্যাপনাৰ লগতে কেইবাখনো গ্ৰন্থ ৰচনা কৰি ছাত্ৰ-ছাত্ৰীৰ লগতে বিদ্যায়তনিক ক্ষেত্ৰখনলৈ অৱদান আগবঢ়াই থৈ গৈছে। মৃত্যুৰ সময়ত ড০ ভৰালীয়ে পত্নী আৰু দুটিকৈ সন্তানসহ পৰিয়ালবৰ্গ, আত্মীয় কুটুম্ব আৰু অসংখ্য গুণমুগ্ধক এৰি থৈ গৈছে।

ড০ ভৰালীৰ মৃত্যুৰ খবৰে নগাঁও কলেজ পৰিয়ালক মৰ্মাহত কৰিছে। আজি অনুষ্ঠিত এক শোকসভাত নগাঁও কলেজ পৰিয়ালে বিদেহী আত্মাৰ সগদতি কামনা কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

Also Read: ঘূৰ্ণী বতাহ ‘ৰীমাল’ৰ প্ৰভাৱ :  আজি আৰু কাইলৈ হ’ব ধুমুহা-বৰষুণ !

nagaon college (autonomous)