/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/7fb2886f-1481-44b4-99ca-d39a2a20ebec/WEB_THUM_new_dimpul_copy.jpg)
ডিজিটেল সংবাদ, নগাঁওঃ সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্মদিন উদযাপন কৰা হয়। নগাঁৱৰ সাংস্কৃতিক অনুষ্ঠান সংগীত শিল্পী মঞ্চ আৰু নগাঁও পৌৰসভাৰ যুটীয়া উদ্যোগত নগাঁও চহৰৰ অমৃত কানন উদ্যানত সুধাকণ্ঠৰ জন্মদিন উদযাপন কৰা হয়। কাৰ্যসূচীৰ আৰম্ভণিতে সুধাকণ্ঠৰ প্ৰতিমূৰ্তিত মাল্য প্ৰদান কৰা হয়। অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলে সুধাকণ্ঠৰ কালজয়ী গীত "মানুহে মানুহৰ বাবে" সমস্বৰে পৰিবেশন কৰে।
অনুষ্ঠানত বিধায়ক ৰূপক শৰ্মা, নগাঁও পৌৰসভাৰ পৌৰপতি, উপ-পৌৰপতি ক্ৰমে অম্বিকা মজুমদাৰ, সীমান্ত বৰা, কাৰ্যবাহী বিষয়া শিল্পী ৰেখা পণ্ডিত, সাহিত্যিক ৰতিমোহন নাথ, শিল্পী কৃষ্ণমণি নাথ, চিত্ৰদেৱ মহন্ত, আৰিফুল হক, সংগীত শিল্পী মঞ্চৰ সম্পাদক ৰঞ্জিত বৰা আদিয়ে অংশগ্ৰহণ কৰি ড০ হাজৰিকাৰ জীৱন দৰ্শনৰ বিষয়ে উল্লেখ কৰে। ইপিনে সদৌ অসম গ্ৰাম্য পুথিভঁড়াল সন্থাৰ উদ্যোগত আৰু নগাঁও জিলা পুথিভঁড়াল সন্থা, সাংস্কৃতিক মহাসভা অসম, নগাঁও জিলা সমিতি আৰু শংকৰজ্যোতি শাখা সাহিত্য সভাৰ সহযোগত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ৯৭ সংখ্যক জন্মদিনটি দিনজোৰা কাৰ্যসূচীৰে সন্থাৰ প্রাঙ্গণত উদযাপন কৰা হয়।
পুৱা স্বচ্ছভাৰত, গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ন কৰাৰ পাছত সুধাকণ্ঠৰ প্ৰতিচ্ছবিত মাল্য প্ৰদান আৰু বন্তি প্ৰজ্বলন কৰা হয়। সুধাকণ্ঠগৰাকীৰ জন্মদিনৰ লগত সংগতি ৰাখি আয়োজন কৰা মুকলি সভাখন পৰিচালনা কৰে সদৌ অসম গ্রাম্য পুথিভঁড়াল সহাৰ প্রকল্প বিষয়া ৰুণজুন বৰাই। সভাত নগাঁও জিলা পুথিভঁড়াল সন্থাৰ সম্পাদক ভূপেন চন্দ্ৰ নাথ আৰু কলংপাৰ কাকতৰ সম্পাদক ভৱেন বৰা আৰু সদৌ অসম গ্ৰাম্য পুথিভঁড়াল সন্থাৰ সহঃ প্ৰকল্প বিষয়া বাবলীৰাণী দেৱ আৰু বিশেষ দত্তক গ্রহণ কেন্দ্ৰৰ সমাজকৰ্মী গৌতম বৰদলৈয়ে বিশিষ্ট অতিথি হিচাবে অংশ গ্রহণ কৰি সুধাকণ্ঠগৰাকীৰ জীৱন-দৰ্শনৰ ওপৰত আলোকপাত কৰে ।
উল্লেখ্য অসম শিল্পী কাননৰ উদ্যোগত শুকুৰবাৰৰে পৰা জিলাখনৰ ডিমৌ চাৰিআলিত ৩ দিনীয়াকৈ সুধাকণ্ঠৰ জন্মদিন উদযাপন কৰা হৈছে। পুৱা পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে কাননৰ সভাপতি তিলক চন্দ্ৰ মজুমদাৰে। ইয়াৰ পিছত সুধাকণ্ঠৰ প্ৰতিচ্ছবিত মাল্যপ্ৰদান প্ৰদান আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত উপস্থিত থকা সকলোৱে "মানুহে মানুহৰ বাবে"এই কালজয়ী গীত পৰিবেশন কৰি এক নান্দনিক পৰিবেশৰ সৃষ্টি কৰে। অনুষ্ঠানৰ আঁত ধৰে কাননৰ সম্পাদক মৃদুপৱন বৰাই।
Also Read: সোণাৰী চাপৰি জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰৱেশ তোৰণ উন্মোচন
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us